ETV Bharat / state

গহপুৰৰ মহকুমাধিপতিৰ কাৰ্যালয়ত ভোটগণনাৰ প্ৰস্তুতি সম্পূৰ্ণ

author img

By

Published : May 1, 2021, 4:07 PM IST

গহপুৰৰ মহকুমাধিপতিৰ কাৰ্যালয়ত ভোট গণনাৰ সকলোবোৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে ৷ নিৰ্বাচনী বিষয়াই জানিবলৈ দিয়া মতে, দুটাকৈ কাউণ্টিং হলত ৭ খনকৈ টেবুলেৰে মুঠ ১৪ খন টেবুলত ভোট গণনা হ'ব ।

গহপুৰ মহকুমাধিপতি কাৰ্যালয়ত ভোটগণনাৰ প্ৰস্তুতি সম্পূৰ্ণ

বিশ্বনাথ,1 মে’: নিৰ্বাচনী ফলাফললৈ মাথো কেইটামান ঘণ্টা বাকী ৷ জানিব পৰা মতে, গহপুৰ সমষ্টিৰ মহকুমাধিপতিৰ কাৰ্যালয়ত ভোট গণনাৰ দিনটোৰ বাবে সকলোবিলাক যাৱতীয় প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে । ভোট গণনাৰ বাবে জিলা প্ৰশাসনৰ লগতে নিৰ্বাচনী বিষয়াসকল সাজু হৈ উঠিছে । মুঠ 2,04,222 গৰাকী ভোটাৰৰ ভিতৰত 1,63,897 গৰাকী ভোটাৰে বিগত নিৰ্বাচনত ভোটদান কৰিছিল । এইসকল ভোটাৰে কংগ্ৰেছৰ প্ৰাৰ্থী ৰিপুণ বৰা, বিজেপিৰ উৎপল বৰা, অসম জাতীয় পৰিষদৰ ড৹ গোপাল ফুকনৰ লগতে ভোটাৰছ ইণ্টাৰনেছনেল পাৰ্টীৰ চবিৰ নাৰ্জাৰীৰ ভাগ্য নিৰ্ণয় কৰিব ।

আনহাতে, নিৰ্বাচনী বিষয়াই জানিবলৈ দিয়া মতে, দুটাকৈ কাউণ্টিং হলত ৭ খনকৈ টেবুলেৰে মুঠ ১৪ খন টেবুলত ভোট গণনা হ'ব । ভোট গণনাৰ মুঠ 21 টা ৰাউণ্ড হ'ব । ভোট গণনা কেন্দ্ৰটোত সকলো ক’ভিড প্ৰট’কল মানি চলাই নিয়াৰ কথাও উল্লেখ কৰিলে নিৰ্বাচনী বিষয়াগৰাকীয়ে ৷

লগতে পঢ়ক : ডুমডুমাৰ দিচাম দেৱঁ সত্ৰত সেৱা ল’লে ড° হিমন্ত বিশ্ব শৰ্মাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.