ETV Bharat / state

গহপুৰত ধোঁৱা চাঙত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ আঁচনি

এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে গহপুৰ মহকুমাৰ নলনীবাৰী, কেকুৰীজান, তিনিকোণীয়া আদি কেইবাখনো গাঁৱৰ ৰাইজে ৷ বিশুদ্ধ খোৱাপানীৰ অভাৱত আইৰণযুক্ত পানী সেৱন কৰি ৰাইজ বিভিন্ন চৰ্মৰোগৰ লগতে বিভিন্ন ৰোগত ভূগিবলগীয়া হৈছে ৷

Gahapur Nalanibari water Supply sceme is of no use
গহপুৰত ধোঁৱা চাঙত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ আঁচনি
author img

By

Published : Aug 23, 2020, 3:53 PM IST

বিশ্বনাথ, 23 আগষ্টঃ এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে গহপুৰ মহকুমাৰ নলনীবাৰী, কেকুৰীজান, তিনিকোণীয়া আদি কেইবাখনো গাঁৱৰ ৰাইজে ৷ আঁচনিৰ নামত এখন পানীযোগান আঁচনি আছে যদিও বছৰ বছৰ ধৰি অচল অৱস্থাত আছে নলনীবাৰীৰ পানীযোগান আঁচনিখন ৷ যাৰ ফলত এতিয়া নদী আৰু পুখুৰীৰ পানী খায়েই জীৱন অতিবাহিত কৰিবলগীয়া হৈছে গাঁওবাসীয়ে ৷ বিশুদ্ধ খোৱাপানীৰ অভাৱত আইৰণযুক্ত পানী সেৱন কৰি ৰাইজ বিভিন্ন চৰ্মৰোগৰ লগতে বিভিন্ন ৰোগত ভূগিবলগীয়া হৈছে ৷

গহপুৰত ধোঁৱা চাঙত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ আঁচনি

আনহাতে, আঁচনিখন কাৰ্যকৰী কৰাৰ বাবে বাৰে বাৰে গহপুৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া কৰ্মচাৰীক আবেদন কৰাৰ পিছতো কোনো গুৰুত্ব আৰোপ কৰা নাই চৰকাৰী বিষয়া তথা জনপ্ৰতিনিধিয়ে ৷ এতিয়া প্ৰশ্ন হয় সকলো সময়তেই উন্নয়নৰ কথা কোৱা চৰকাৰখনৰ সময়তেই এইসকল লোকে এটুপি খোৱাপানীৰ বাবে প্ৰতিটো সময়তেই হাহাকাৰ কৰিবলগীয়া হৈছে ৷ ইয়ে চৰকাৰৰ প্ৰকৃত উন্নয়নৰ নমুনা দাঙি ধৰিছে ৷

লগতে পঢ়ক-ধেমাজিত জীয়াঢল নদীত সন্ধানহীন যুৱকৰ মৃতদেহ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.