ETV Bharat / state

Formation of Farmers Cooperative Societies: বিহালীত বাঘমৰী ব্ৰহ্মপুত্ৰ চাপৰি কৃষক সমবায় সমিতি গঠন

author img

By

Published : Oct 16, 2022, 10:32 PM IST

বিহালী সমষ্টিৰ বাঘমৰী নৰ্থ ইষ্ট হোটেল (North East Hotel) প্ৰাংগণত বিহালী সমষ্টিৰ দুই শতাধিক কৃষকৰ উপস্থিতিত দেওবাৰে এক ৰাজহুৱা সভা অনুষ্ঠিত হয় । সমষ্টিটোৰ কৃষকসকল একগোট হৈ এখন সমবায় সমিতি গঠন কৰে ‌।

Formation of Behali Formation of Farmers Cooperative Societies
বিহালী বাঘমৰী ব্ৰহ্মপুত্ৰ চাপৰি কৃষক সমবায় সমিতি গঠন

বিশ্বনাথ, 16 অক্টোবৰ: বিহালী বাঘমৰী ব্ৰহ্মপুত্ৰ চাপৰি কৃষক সমবায় সমিতি গঠন (Formation of Farmers Cooperative Societies) ৷ বিহালী সমষ্টিৰ বাঘমৰী নৰ্থ ইষ্ট হোটেল (North East Hotel) প্ৰাংগণত বিহালী সমষ্টিৰ দুই শতাধিক কৃষকৰ উপস্থিতিত দেওবাৰে এক ৰাজহুৱা সভা অনুষ্ঠিত হয় । বাঘমাৰীৰ বিশিষ্ট কৃষক প্ৰদীপ বৰাৰ সভাপতিত্বত অনুষ্ঠিত হয় এই সভাখন ৷ প্ৰদীপ বৰাৰ সভাপতিত্ব অনুষ্ঠিত হোৱা সভাখনৰ আতঁ ধৰে স্থানীয় যুৱক তথা কৃষক গণেশ বৰ্মনে ।

এই সভাত বিহালী সমষ্টিৰ বাঘমৰীৰ লগতে ৰাংছালী, বিহমাৰী, বৰগাং আদিকে ধৰি বিহালী সমষ্টিৰ বিভিন্ন অঞ্চলৰ কৃষক উপস্থিত হৈ ৰবি শস্যৰ জৰিয়তে এক সেউজ বিপ্লৱ গঢ়াৰ চিন্তা-চৰ্চা কৰে । সমষ্টিটোৰ কৃষকসকল একগোট হৈ এখন সমবায় সমিতি গঠন কৰে ‌।

এই সমবায় সমিতিৰ জৰিয়তে ব্ৰহ্মপুত্ৰ চাপৰিকে আদি কৰি বিভিন্ন স্থানত বিভিন্ন খেতি কৰাৰ সংকল্প গ্ৰহণ কৰে কৃষক সকলে । আনহাতে সভাত উপস্থিত থকা জ্যেষ্ঠ সাংবাদিক ভুৱন লুইটেলে কয় যে যদি কৃষি বিভাগৰ পৰামৰ্শ অনুসৰি বিভিন্ন খেতি কৰা হয় তেন্তে বহু পৰিমাণে স্থানীয় কৃষকসকল লাভবান হ'ব পাৰে ।

আনহাতে সভাত উপস্থিত থকা সাংবাদিক শ্ৰীমন্ত দাসে নিজৰ মন্তব্যত প্ৰকাশ কৰি কয়, "পথাৰো আমাৰ বজাৰো আমাৰ। যদি আমি পথাৰ ভালকৈ ব্যৱহাৰ কৰো নিশ্চয় বজাৰো আমাৰ হাতত থাকিব লগতে কৃষি বিপ্লৱৰ জৰিয়তে বহু নিবনুৱা সমস্যা সমাধান হ'ব" ।

ইফালে সভাৰ শেষত আৰবি কুমাৰক সভাপতি আৰু গণেশ বৰ্মনক সম্পাদক, ভুৱন লুইটেল, প্ৰদীপ বৰা, একাবৰ আলি, জ্যেষ্ঠ সাংবাদিক দিগন্ত শইকীয়াক উপদেষ্টা, সহকাৰী সম্পাদক ৰাজেক আলি, উপ সভাপতি লাল বাদশ্বা, সাংবাদিক ত্ৰিদিপ দাস আৰু পলাস প্ৰিয়মক লৈ ৫১ জনীয়া এখনি সবল সমবায় সমিতি গঠন কৰা হয় ।

লগতে পঢ়ক: ICCI and FIICC sign agreement: আই চি চিআই আৰু এফ আই আই চিচিৰ মাজত বুজাবুজিৰ চুক্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.