বিশ্বনাথ ৮ মে : বিশ্বনাথ জিলাৰ ৭৭ নং বিহালী বিধান সভা সমষ্টিৰ ঐতিহাসিক পিপল ঘাট ৷ ব্ৰহ্মপুত্ৰ উত্তৰ পাৰে থকা নদীৰ দাঁতিকাষৰীয়া অঞ্চল ক্ৰমে বটিয়ামাৰী, ৰৌমাৰি, বিহালী, ৰাংচালি, কাঠনিবাৰী, বিশ্বনাথঘাট, টেলেঙনীয়াকে আদি কৰি নদীপৰীয়া পাঁচ শতাধিক পৰিয়ালৰ জীৱন নিৰ্বাহৰ একমাত্ৰ উৎস মহাবাহু ব্ৰহ্মপুত্ৰ । নদীৰ বুকুতে মাছ মাৰি সেই মাছ বিক্ৰী কৰা ধনৰেই পৰিয়াল পোহপাল দিয়ে এইসকল দৰিদ্ৰ পৰিয়ালে ৷
কিন্তু, হঠাৎ এই দৰিদ্ৰ পৰিয়াল সকলৰ জীৱনলৈ নামি আহিছে অন্ধকাৰ । ইফালে, কৰ’ণাৰ প্ৰকোপত কোঙা হৈছে । আনফালে, ভূতৰ ওপৰত দানহৰ দৰে বাৰুকৈয়ে জলা-কলা খুৱাইছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন বিভাগৰ অগৰাতলী কেম্পৰ এজন স্পীডব’ট চালক তথা বন কৰ্মীয়ে ৷ এই দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা এই সকল মাছমৰীয়া ৰাইজক প্ৰায়ে ডকা হকা দি নগদ ধন আত্মসাৎ কৰা লগতে গালি গালজ, মাৰ ধৰা কৰি আহিছে দীৰ্ঘদিন ধৰি বন বিভাগৰ কৰ্মী জনে ৷
জানিব পৰা মতে, অগৰাতলি বনাঞ্চলিক কাৰ্যালয়ত কৰ্মৰত এইজন ব’ট চালক বলিন বৰাৰ কাণ্ডত এতিয়া ইখনৰ পাছত সিখন ৰাজহুৱা সভা অনুষ্ঠিত হৈছে বিশ্বনাথত । বলিন বৰা নামৰ বনকৰ্মী জনে যোৱা ১৫ টা বছৰে ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ মাছ মৰীয়া সকলৰ ওপৰত অত্যাচাৰ কৰা লগতে মাৰ ধৰ কৰি অহাৰ এক গুৰুত্ব অভিযোগ উত্থাপিত হৈছে । বন বিভাগৰ নাম লৈ বৰাই বিৰ্গত ১৫ বছৰ ধৰি এইদৰে ওভতগোৰে নাচি দৰিদ্ৰ মাছ মৰীয়াসকলৰ পৰা ডকা-হকা দি সম্পত্তিৰ পাহাৰ গঢ়াৰ অভিযোগ উঠিছে ।
শেহতীয়াকৈ, শনিবাৰে বিশ্বনাথৰ বিহালী বটিয়ামাৰী নিবাসী পদুম দাস আৰু ছোতেলাল মালাহে নামৰ মাছমৰিয়া দুজনক উপৰ্যুপৰি মাৰপিট কৰি তেওঁলোকৰ জীৱিকাৰ একমাত্ৰ সম্বল মাছ ধৰা জাল এখন জ্বলাই দিয়াৰ উপৰিও তেওঁলোকৰ নাও দাৰে ঘপিয়াই ব্যৱহাৰ অনুপযোগী কৰি তোলে । ব’ট চালক বৰাৰ এনে কৰ্মকাণ্ডত সম্প্ৰতি অতিষ্ঠ হৈ পৰিছে নৈপৰীয়া মাছমৰীয়া ৰাইজ । বৰাৰ বিৰুদ্ধে ব্যৱস্থা ল’বৰ বাবে ৰাজহুৱা মেল পাতি বিহালী থানাত ৰাইজে ৰুজু কৰিছে এটা গোচৰ । ইফালে, এতিয়া এই বন কৰ্মী জনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে বটিয়ামাৰী গাঁওৰক্ষী বাহিনীয়ে । বন বিভাগৰ শীৰ্ষ বিষয়-ববীয়া তথা আৰক্ষীয়ে বলিন বৰাৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া আগন্তক সময়ত লক্ষ্যণীয় হ’ব ।
লগতে পঢ়ক :নিষ্ঠুৰ ক’ভিড : স্বামীক হেৰুৱাই হিয়া ধাকুৰি কান্দিছে এগৰাকী মহিলাই