বিশ্বনাথ, ১৮ জুলাইঃ প্ৰতিবছৰৰ সমান্তৰালকৈ এইবেলিও বানত উটি গ'ল ৰাজ্যখনৰ কেইবাহেক্টৰ কৃষিভূমি ৷ বানে উটুৱাই নিলে কৃষকৰ আশা আৰু হেঁপাহৰ সোণগুটিও ৷ গহপুৰৰ কৃষক ৰাইজে শালি খেতিৰ বাবে পেলোৱা কঠিয়াৰো বৰ্তমান পথাৰত কোনো চিন-চাব নাই ৷ সকলো বিধ্বস্ত কৰিলে দুমাহত দুবাৰকৈ অহা ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে ৷
লগতে পঢ়কঃ প্ৰসূতিৰ মৃত্যুক কেন্দ্ৰ কৰি গোলাঘাটত উত্তপ্ত পৰিস্থিতি
বানৰ ফলত গহপুৰৰ অন্তৰ্গত গোপালপুৰ, ডুবিয়া, পশ্চিম কলাবাৰী, সোলেঙীগুৰি আদি গাঁও পঞ্চায়তৰ বহু কৃষকৰ বিস্তৰ কৃষিভূমিৰ কঠিয়া নষ্ট হোৱা পৰিলক্ষিত হৈছে । বহু কৃষকৰ সঁজাল ধৰা ধানৰ ৰোৱাও বৰ্তমান বানৰ কবলত । ইফালে বানৰ পূৰ্বেই ভূঁই ৰুবলৈ বুলি একাংশ কৃষকে তুলি থোৱা কঠিয়া আধা গেলা অৱস্থাৰেই পুনৰ ৰুবলে বাধ্য হৈছে ।
পুনৰ কঠিয়া পাৰি ৰুবলৈ সময় নথকাত গহপুৰৰ বহু কৃষকে বৰ্তমান নিজৰ ভৱিষ্যতক লৈ হা-হুমুনিয়াহ কাঢ়িছে । এই ক্ষেত্ৰত গহপুৰ মহকুমা কৃষি বিভাগে শীঘ্ৰেই কিবা ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশাৰে বাট চাইছে গহপুৰৰ কৃষক সমাজে ৷ উল্লেখ্য যে, কৃষিকাৰ্য কৰি নিজৰ পৰিয়ালসমূহ পোহপাল দিয়া দৰিদ্ৰ কৃষক ৰাইজৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা ।