ETV Bharat / state

বানেধোৱা বিশ্বনাথ: বাঢ়নী পানীত উটি গ’ল ঘৰ-দুৱাৰ, কিতাপ-পত্ৰ

author img

By

Published : Jul 2, 2022, 8:45 PM IST

বিশ্বনাথত প্ৰলয়ংকাৰী বানে উটুৱাই নিলে বহুতৰ সপোনৰ ঘৰখন, সা-সম্পত্তি । বহু পৰিয়ালৰ আপোন ঘৰখন বাঢ়নী পানীয়ে উটুৱাই নিয়াৰ লগতে সকলো শেষ কৰি থৈ গ'ল প্ৰলয়ংকাৰী বাঢ়নী পানীয়ে (Flood in Biswanath)।

Flood in Biswanath
বাঢ়নী পানীত উটি গ’ল ঘৰ-দুৱাৰ, কিতাপ-পত্ৰ

বিশ্বনাথ, 2 জুলাই : ৰাজ্যত হোৱা প্ৰলয়ংকাৰী বানে উটুৱাই নিলে বহুতৰ সপোনৰ ঘৰখন, সা-সম্পত্তি । বহু পৰিয়ালৰ আপোন ঘৰখন বাঢ়নী পানীয়ে উটুৱাই নিয়াৰ লগতে সকলো শেষ কৰি থৈ গ'ল । বহু আশা বুকুত বান্ধি নিৰ্মাণ কৰিছিল নিজৰ আপোন ঘৰখন । কিন্তু আজি সেই আপোন ঘৰখন নাই । যাৰ ফলত আনৰ ঘৰত আশ্ৰয় গ্ৰহণ কৰি জীৱন কটাবলগীয়া হৈছে গহপুৰৰ বানাক্ৰান্ত পৰিয়ালে (Flood at Gohpur)।

উল্লেখযোগ্য যে, যোৱা ২৮ জুনত দিয়া ধাৰাষাৰ বৰষুণৰ ফলত গহপুৰ সমষ্টিৰ তিনিখন পাহাৰীয়া নৈ বালিজান, ব্ৰহ্মাজান আৰু ছত্ৰং নৈ উফন্দি যোৱাৰ ফলত গহপুৰ নগৰৰ অধিকাংশ অঞ্চল জলমগ্ন হয় । নগৰখনৰ বহুকেইটা ৱাৰ্ডত এবুকু পৰ্যন্ত বান হয় । ছয়দুৱাৰ মহাবিদ্যালয়তো খিৰিকী পৰ্যন্ত পানী হয় । যাৰ ফলত মহাবিদ্যালয়খনৰ বহু কম্পিউটাৰ, পুথিভঁৰালৰ কিতাপ-পত্ৰকে ধৰি বহু সা-সম্পত্তি নষ্ট হয় ৷

কিন্তু গহপুৰ জলসম্পদ উপ-সংমণ্ডলৰ সহকাৰী কাৰ্য্যবাহী অভিযন্তা ৰহমৎ আলী হুছেইন আৰু দায়িত্ববাহী কনিষ্ঠ অভিযন্তা শুভজিৎ চক্ৰৱৰ্তীৰ গুৰুত্বহীনতাৰ ফলশ্ৰুতিত লেহেমীয়া গতিৰে মথাউৰি নিৰ্মাণৰ ফলত দ্বিতীয়টো বাঢ়নী পানীয়ে গহপুৰ নগৰৰ বহুকেইটা ৱাৰ্ডত বিস্তৰ ক্ষয়-ক্ষতি কৰে ।

ইফালে যোৱা ফেব্ৰুৱাৰী মাহত জল সম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই ছত্ৰং নদীৰ মথাউৰি(Satrang river embankment) মেৰামতিৰ নামত ১৫ কোটিটকীয়া এক আচঁনিৰ কামৰ শুভাৰম্ভ কৰি গৈছিল । কামৰ শুভাৰম্ভৰ পাছতে গহপুৰ জলসম্পদ বিভাগৰ বিষয়া-অভিযন্তাই বিশেষ তৎপৰতা দেখুৱাই পূৰ্ণগতিত কেইদিনমান কাম কৰিছিল যদিও তাৰ পাছতেই লেহেমীয়া গতিৰে কাম কৰিবলৈ আৰম্ভ কৰে বিভাগীয় ঠিকাদাৰে ।

যাৰ ফলত যোৱা ৪ মাহত প্ৰায় ৪০ % শতাংশ কামহে কৰিবলৈ সক্ষম হৈছে ঠিকাদাৰে । আনহাতে ২৮ জুনত দিয়া ধাৰাষাৰ বৰষুণৰ ফলত গহপুৰ পৌৰসভাৰ অন্তৰ্গত ছত্ৰং মাজগাঁও(৮ নং ৱাৰ্ড)ৰ ৰে’লপথৰ কাষত থকা ছত্ৰং নৈৰ মথাউৰিৰ প্ৰায় ৪০ মিটাৰ যোৱা ১৬ মে’ত ছিঙি নিয়াত গহপুৰ নগৰত বানৰ সৃষ্টি হয় । ৮ নং ৱাৰ্ডৰ ১২ টাৰো অধিক পৰিয়ালৰ সম্পূৰ্ণ ঘৰ-দুৱাৰ আৰু সা-সম্পতি পানীত উটি গ'ল । ইয়াৰ ভিতৰত বহু ছাত্ৰ-ছাত্ৰীৰ কিতাপ-পত্ৰ নষ্ট হয় (Flood situation in Biswanath)।

আনহাতে গহপুৰ জলসম্পদ বিভাগে যোৱা ১৮ মে’ৰ পৰা উক্ত ভগ্ন অংশত জিঅ’ বেগেৰে মথাউৰি মেৰামতিৰ কাম আৰম্ভ কৰে । কিন্তু যোৱা ২১ মে’ত জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাই উক্ত মথাউৰিটো পৰিদৰ্শন কৰিবলৈ অহা সময়লৈকে(Pijush Hazarika at Gohpur) ঠিকেই কাম চলি আছিল যদিও মন্ত্ৰী যোৱাৰ পাছতে আধৰুৱা হৈ ৰয় মেৰামতিৰ কাম । গহপুৰ জলসম্পদ বিভাগে ছত্ৰঙৰ উক্ত ভগ্ন অংশটো সম্পূৰ্ণৰূপে মেৰামতি নকৰাৰ পৰিণতিত যোৱা ২৮ জুনত পুৱাৰে পৰা উক্ত ভগ্ন অংশৰে তীব্ৰ গতিৰে বাঢ়নী পানী সোমাই মহা প্ৰলয়ৰ সৃষ্টি কৰে গহপুৰ নগৰত ।

ছত্ৰঙৰ ধাৰাবাহিক বানত অতিষ্ঠ হৈ পৰা বানপীড়িত ৰাইজে উক্ত ভগ্ন অংশটো সম্পূৰ্ণকৈ মেৰামতি কৰাৰ ক্ষেত্ৰত গহপুৰ জলসম্পদ বিভাগে চূড়ান্ত গাফিলতি কৰাৰ কথা সংবাদ মাধ্যমৰ আগত মুকলিকৈ প্ৰকাশ কৰে । আনহে নালাগে যোৱা এমাহৰ ফৰকাল বতৰতো উক্ত অংশটো সম্পূৰ্ণকৈ মেৰামতি কৰিবলৈ আগবাঢ়ি নাহিল গহপুৰ জলসম্পদ বিভাগ । ইয়াৰ বিপৰীতে লাচিতে গড় বন্ধাৰ দৰে শুকুৰবাৰৰ নিশাৰে পৰা খৰস্ৰোতা পানীৰ মাজত উক্ত অংশটো মেৰামতি কৰিবলৈ তৎপৰতা দেখুৱায় গহপুৰ জলসম্পদ বিভাগে ।

সেই অনুসৰি সহকাৰী কাৰ্য্যবাহী অভিযন্তা ৰহমৎ আলী আহমেদ আৰু কনিষ্ঠ অভিযন্তা শুভজিৎ চক্ৰৱৰ্তীৰ তদাৰকত উক্ত অংশটো মেৰামতি কৰিবলৈ ঠিকাদাৰ ৰাজীৱ লোহিয়াই শ্ৰমিক নিয়োগ কৰে । এবুকু পানীৰ মাজত নিজৰ জীৱনকো তুচ্ছ কৰি প্ৰায় কুৰিজন শ্ৰমিকে জিঅ’বেগত বালি ভৰাই উক্ত অংশটো মেৰিমতি কৰিবলৈ যুদ্ধকালীন তৎপৰতা চলোৱাৰ মাজতে বৃহস্পতিবাৰে দিনৰ প্ৰায় ১-৩০ বজাত এক ভয়ানক অঘটন ঘটে উক্ত স্থানত ।

বোৱতী খৰস্ৰোতা পানীৰ মাজত যুজঁ দি বালিভৰ্তি জিঅ’ বেগ জাপি থকাৰ সময়ত জিঅ’ বেগৰ হেঁচাত পলসৰ মাজত সোমাই মৃত্যুক আঁকোৱালি লয় এগৰাকী কৰ্মৰত শ্ৰমিকে । বহু সময়ৰ বিচাৰ-খোচাৰৰ অন্তত প্ৰায় ডেৰ ঘণ্টাৰ পাছত পলসৰ মাজৰ পৰা মৃত অৱস্থাত উদ্ধাৰ কৰা হয় শ্ৰমিকজনক । মৃত শ্ৰমিক জন ঢকুৱাখনাৰ কোবাং গাঁৱৰ চিৰ কুমাৰ চণ্ডী(৪০)বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: আমগুৰিত চিকিৎসকৰ ভুলৰ বাবেই এটি চাৰিমহীয়া শিশুৰ মৃত্যুৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.