ETV Bharat / state

Flood relief: গহপুৰত ৰাউণ্ড টেবুল ইণ্ডিয়াৰ বানাক্ৰান্তলৈ সহায়ৰ হাত

author img

By

Published : Jul 16, 2022, 3:44 PM IST

শুকুৰবাৰে গহপুৰ বান বিধ্বস্ত অঞ্চলত দেশৰ আগশাৰী এটা বেচৰকাৰী সংস্থা উপস্থিত হৈ বানাক্ৰান্ত ৰাইজৰ কাষত থিয় দি কিছু সাহাৰ্য প্ৰদান কৰে (Flood relief distributed by Round Table India) ।

flood-relief-distributed-by-round-table-india-at-gohpur-in-biswanath
গহপুৰত ৰাউণ্ড টেবুল ইণ্ডিয়াৰ বানাক্ৰান্তক সহায়ৰ হাত

গহপুৰ, ১৬ জুলাই : ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে এইবাৰ উত্তৰ অসমৰ গহপুৰ বিধান সভা সমষ্টিৰ বহু অঞ্চল বানে বহু পৰিমাণৰ ক্ষতিগ্ৰস্ত কৰে (Flood at Gohpur) ৷ বিশেষকৈ বিগত ২৮ জুনৰ পৰা হোৱা ধাৰাষাৰ বৰষুণৰ ফলত সমষ্টিটোৰ উত্তৰ অঞ্চলৰ পাহাৰীয়া তিনিখন নৈ ক্ৰমে ব্ৰহ্মাজান, চত্ৰং, বালিজান নৈৰ বাঢ়নী পানীয়ে তাণ্ডৱ সৃষ্টি কৰা ফলত এক হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছিল ।

এই বাঢ়নী পানীয়ে গহপুৰ ছয়দুৱাৰ মহাবিদ্যালয় (Chaiduar College Gohpur), ভোলাগুৰি চাহ বাগিচা(Bholaguri Tea Estate), ককিলাগুৰি, চুনাজুলি, ককিলামাজ গাওঁ, নাচাবাৰী, বিজয়পুৰ, টুৰীবাৰী, ধনপুৰকে ধৰি অধিকাংশ অঞ্চল বুৰাই পেলায় । এই বাঢ়নী পানীয়ে বহু পৰিয়ালৰ ঘৰ-দুৱাৰ, পশু ধন উটুৱাই নিয়াৰ লগতে হাজাৰ হাজাৰ খেতিপথাৰ নষ্ট কৰে ৷ ফলত মুৰে-কপালে হাত দিয়ে সমষ্টিটোৰ অধিকাংশ গাঁৱৰ লোকে ।

বলিয়া বানে সপোনৰ ঘৰখন উটুৱাই লৈ যোৱাৰ ফলত আশ্ৰয় শিৱিৰত আশ্ৰয় লয় বহু লোক ৷ ইফালে বানৰ কৱলত খাবলৈ বিশুদ্ধ খোৱা পানী তথা অত্যাৱশ্যকীয় সামগ্ৰীৰ নাটনি দেখা দিয়ে অঞ্চলসমূহত । তেনেসময়তে শুকুৰবাৰে গহপুৰ বান বিধ্বস্ত অঞ্চলৰ প্ৰতিটো বা-বাতৰি ই টিভি ভাৰতত পাই দেশৰ আগশাৰী এটা বেচৰকাৰী সংস্থা আগবাঢ়ি আহি গহপুৰ বিধান সভা সমষ্টিৰ বানাক্ৰান্ত ৰাইজক কাষত থিয় দি কিছু সাহাৰ্য প্ৰদান কৰে (Flood relief distributed by Round Table India) ।

গহপুৰ নগৰৰ পৰা প্ৰায় ২০ কিলোমিটাৰ দিশে অসম অৰুণাচল সীমান্তৰ টুৰীবাৰী, ককিলাগুৰি, চুনাজুলি, বিজয়পুৰ, ধনপুৰকে ধৰি কেইবাখনো গাঁৱৰ ২৫০ টা ভুক্তভোগী পৰিয়ালক সহায় কৰিবলৈ যথেষ্ট পৰিমাণৰ অত্যাৱশ্যকীয় সামগ্ৰী লৈ উপস্থিত হয় এই ৰাউণ্ড টেবুল ইণ্ডিয়া ( Round Table India )নামৰ সংগঠনটোৰ এটা দল ।

দলটো উপস্থিত হৈ ভুক্তভোগী পৰিয়াল সমূহৰ মাজত গাখীৰ, চাউল, চেনী, ডাইল, মিঠাতেলকে আদি কৰি প্ৰায় ২ হাজাৰ টকাৰ একোটাকৈ পেকেট প্ৰদান কৰে ভুক্তভোগী প্ৰতিটো বানাক্ৰান্ত পৰিয়ালৰ মাজত । ৰাউণ্ড টেবুল ইণ্ডিয়া নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে শিক্ষাক্ষেত্ৰত দেশৰ বিভিন্ন স্থানত সমাজৰ হিতৰ বাবে কাম কৰি আহিছে ৷

বিশেষকৈ দেশৰ বিভিন্ন ৰাজ্যত বৰ্তমানলৈকে ৮ হাজাৰ খন বিদ্যালয়ৰ শ্ৰেণীকোঠাৰ নিৰ্মাণ কৰি ছাত্ৰ-ছাত্ৰীলৈ উপহাৰ প্ৰদান কৰিছে ৷ প্ৰাকৃতিক দুৰ্যোগৰ সময়ত সদায় ৰাইজৰ বিপদৰ সময়ত সহায় কৰি অহা কথাও প্ৰকাশ কৰিছে সংগঠনটোৱে ।

লগতে পঢ়ক: Free medicine distribution: বিহপুৰীয়াত বিনামূলীয়াকৈ ঔষধ বিতৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.