ETV Bharat / state

Child Murder Case : গহপুৰত হৃদয় বিদাৰক ঘটনা, পিতৃয়ে হত্যা কৰিলে এবছৰীয়া পুত্ৰক - mysterious murder case at gohpur

গহপুৰৰ সোণালীবড়ীৰ হৃদয় বিদাৰক ঘটনা । ঘটনাৰ ২৪ ঘণ্টাৰ পিছত নিজ ঘৰত ওলালহি নিৰুদ্দেশ হৈ থকা পিতৃ শচীন বৰদলৈ ৷ নিজ পুত্ৰক হত্যা কৰি পলায়ন কৰিছিল শচীন বৰদলৈয়ে (father killed son at gohpur biswanath) ।

Biswanath
Biswanath
author img

By

Published : Mar 10, 2023, 12:20 PM IST

Updated : Mar 10, 2023, 1:22 PM IST

গহপুৰত পিতৃৰ হাতত প্ৰাণ গ'ল এবছৰীয়া পুত্ৰৰ

বিশ্বনাথ, ১০ মাৰ্চ : বৃহস্পতিবাৰে গহপুৰৰ ককিলা পথাৰত এটি শিশুৰ মৃতদেহ উদ্ধাৰক লৈ তীব্র প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় (child body recovered at gohpur) । লগতে শিশুটিৰ পিতৃ শচীন বৰদলৈও নিৰুদ্দেশ হৈ আছিল বৃহস্পতিবাৰৰ পৰা । ইফালে শিশুটিৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ২৪ ঘটনা পিছতেই প্ৰকৃত ঘটনা পোহৰলৈ আহে (mysterious murder case at gohpur) । জানিব পৰা মতে, শুকুৰবাৰে পুৱা ৫ মান বজাত নিৰুদ্দেশ হৈ থকা পিতৃ শচীনে হাতত এখন দা লৈ নিজ ঘৰত উপস্থিত হৈ অন্য লোকক ঘৰলৈ অহাত বাধা দিয়ে । তাৰ পিছতে প্ৰকৃত ঘটনাটো পোহৰলৈ আহে ৷

স্থানীয় লোকক শচীন বৰদলৈয়ে তেওঁৰ ঘৰলৈ যোৱাত বাধা প্ৰদান কৰাত ৰাইজৰ সন্দেহ হয় (father killed son at gohpur biswanath) । তাৰ পিছতে গাঁৱৰ ৰাইজে আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষী আহি উপস্থিত হৈ শচীন বৰদলৈক গ্ৰেপ্তাৰ কৰি লৈ যায় । ইফালে শচীনে নিজ সন্তানক হত্যা কৰাৰ কথা আৰক্ষীৰ আগত স্বীকাৰ কৰে । জানিব পৰা মতে, পাৰিবাৰিক কন্দলৰ বাবেই নিজ পুত্ৰক হত্যা কৰাৰ কথা আৰক্ষীক উল্লেখ কৰে শচীনে । ঘটনা অনুসৰি, বৃহস্পতিবাৰে পুৱাতেই গৰু দিবলৈ আহি গাঁৱৰ ৰাইজে পথাৰত প্ৰত্যক্ষ কৰে এটা শিশুৰ মৃতদেহ । মৃতদেহটো প্ৰত্যক্ষ কৰি স্থানীয় লোকে গহপুৰ আৰক্ষীক খবৰ দিয়ে ।

ঘটনাস্থলীত গহপুৰ আৰক্ষী উপস্থিত হৈ শিশুটিৰ মৃতদেহটো উদ্ধাৰ কৰি সোণালীবড়ী গাঁৱৰ শচীন বৰদলৈৰ পুত্ৰ বুলি চিনাক্ত কৰে । কিন্তু স্থানীয় ৰাইজে জানিবলৈ দিয়া অনুসৰি, শিশুটিৰ বৃহস্পতিবাৰে এবছৰীয়া জন্মদিন আছিল । আৰু এই এবছৰীয়া জন্মদিন উপলক্ষে বুধবাৰে সন্ধিয়া ৬ বজাত ঘৰৰ পৰা শিশুটি দেউতাকৰ সৈতে বজাৰ কৰিবলৈ বুলি ওলাই গৈছিল । কিন্তু উক্ত সময়ৰ পৰাই পিতা-পুত্ৰ দুয়ো সন্ধানহীন হৈ আছিল । ৰহস্যজনকভাৱে বৃহস্পতিবাৰে পুৱা ককিলা পথাৰত শিশুটিৰ মৃতদেহ উদ্ধাৰ হয় । শিশুটিৰ নাম পৰাগজ্যোতি বৰদলৈ ।

কিন্তু সেই সময়ৰ পৰাই পিতৃ শচীন বৰদলৈ সন্ধানহীন হৈ আছিল যদিও গহপুৰ আৰক্ষীয়ে পিতৃক উদ্ধাৰৰ বাবে অহৰহ সন্ধান অব্যাহত ৰাখে । কিন্তু শুকুৰবাৰে পুৱাই পিতৃ শচীন বৰদলৈ হাতত দা এখন লৈ নিজৰ ঘৰত উপস্থিত হয় । তাকে লৈ সন্দেহ হোৱাত স্থানীয় ৰাইজে গহপুৰ আৰক্ষীক খবৰ দিয়াত পুৱাই গহপুৰ আৰক্ষীৰ এটা দল উপস্থিত হৈ হত্যাকাৰী শচীন বৰদলৈক গ্ৰেপ্তাৰ কৰে ।

লগতে পঢ়ক :Tension over lottery: লটাৰী খেলক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা

Last Updated : Mar 10, 2023, 1:22 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.