ETV Bharat / state

বিশ্বনাথৰ কেন্দ্ৰীয় বনাঞ্চলিক বন বিষয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৃষকৰ - কাৰ্যবাহী দণ্ডাধীশ বিষয়া

ৰেঞ্জাৰ ইকবাল হুছেইনে কাজিৰঙা ষষ্ঠ সংযোজনৰ কাষৰ ভূমিত কৃষক ৰাইজৰ কৃষিভূমিত সুঁতিৰ পৰা ম'হ আনি খেতি পথাৰত সোমোৱাই দিয়া লগতে খেতি সম্পূৰ্ণ নষ্ট কৰি দিয়াৰ অভিযোগ কৰিছে কৃষকসকলে ৷

farmers-protest-against-biswanaths-central-forest-forest-officer
বিশ্বনাথৰ কেন্দ্ৰীয় বনাঞ্চলিক বন বিষয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৃষকৰ
author img

By

Published : Oct 20, 2021, 3:35 PM IST

বিশ্বনাথ, 20 অক্টোবৰ : বিশ্বনাথৰ কেন্দ্ৰীয় বনাঞ্চলিক বন বিষয়া ইকবাল হুছেইনৰ বিৰুদ্ধে মঙলবাৰে বিশ্বনাথ, মোনাবাৰী, বিহালী, খেৰবাৰী, বিহপুখুৰী আৰু কাঠনিবাৰীৰ কৃষক আৰু মাছমৰীয়া ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদী কৃষক ৰাইজে মোনাবাৰীৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰে সমদল কৰি বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ অন্তৰ্গত লাহৰিজান বন শিবিৰ ঘেৰাও কৰি বন বিভাগ আৰু ৰেঞ্জাৰ ইকবাল হুছেইনৰ বিৰুদ্ধে বিভিন্ন শ্ল'গানেৰে চৌদিশ উত্তাল কৰি তোলে ।

উল্লেখ যে, বিশ্বনাথৰ মোনাবাৰী, খেৰবাৰী, বিহপুখুৰী আৰু কাঠনিবাৰী অঞ্চলৰ মাছমৰীয়া আৰু কৃষক ৰাইজে কাজিৰঙা ষষ্ঠ সংযোজনৰ কাষৰ ভূমিত উল্লেখিত লোকসকলে যুগ যুগ ধৰি কৃষি কাৰ্য কৰি আহিছে ৷ তেওঁলোকে এই কৃষি ভূমিসমূহৰ বাবে চৰকাৰ অথবা ৰাজহ বিভাগক ৰাজহো প্ৰদান কৰি আহিছে । কিন্তু প্ৰতিবাদকাৰী সকলৰ অভিযোগ, দেওবাৰে বিশ্বনাথৰ কেন্দ্ৰীয় বনাঞ্চলিক বন বিষয়া ইকবাল হুছেইনে এই অঞ্চলৰ কৃষক ৰাইজৰ কৃষিভূমিত সুঁতিৰ পৰা ম'হ আনি উক্ত খেতিত সোমাই দিয়া লগতে সম্পূৰ্ণ খেতি নষ্ট কৰি দিয়ে ৷

বিশ্বনাথৰ কেন্দ্ৰীয় বনাঞ্চলিক বন বিষয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৃষকৰ

ইয়াৰ প্ৰতিবাদত উক্ত অঞ্চলৰ ৰাইজে মঙলবাৰে বন বিষয়াগৰাকীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবীত কাৰ্যবাহী দণ্ডাধীশ বিষয়াৰ জৰিয়তে জিলা উপায়ুক্তলৈ এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷ প্ৰতিবাদকাৰী সকলে লগতে মোনাবাৰী অঞ্চলত কাজিৰঙাৰ প্ৰস্তাৱিত দশম সংযোজন বাতিল কৰা, মাছমৰীয়া আৰু খেতিয়কৰ সুৰক্ষা নিশ্চিত কৰা, উত্তৰপাৰৰ কাজিৰঙাৰ সীমা ৰাজহুৱা কৰা ইত্যাদিৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি এক উত্তাল পৰিবেশৰ সৃষ্টি কৰে ৷

লগতে পঢ়ক : চিৰাজুলিৰ ATM লুটৰ সৈতে জড়িত তিনি অভিযুক্তৰ সন্ধানত আৰক্ষী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.