ETV Bharat / state

বিশ্বনাথত বন্য হস্তীৰ ধবংস লীলা - হাতী মানুহৰ সংঘাত

গহপুৰ মহকুমাৰ হেলেমত বন্যহস্তীৰ তাণ্ডৱ ৷ বন্য হস্তীৰ উপদ্ৰৱে নিদ্ৰা হৰণ কৰিছে এতিয়া অঞ্চলবাসীৰ ৷ দেওবাৰে নিশা প্ৰায় 50-60 জনীয়া এটা বনৰীয়া হাতীৰ জাকে সন্ত্ৰাস চলাই ভাঙি পেলাই তিনিটাকৈ পৰিয়ালৰ বাসগৃহ ৷

elephant terror at biswanath
বিশ্বনাথত বন্য হাতী ধবংস লীলা
author img

By

Published : Jul 12, 2021, 4:11 PM IST

বিশ্বনাথ, 12 জুলাই : ক'ভিডৰ ভয়াৱহ পৰিস্থিতিৰ মাজতে ৰাজ্যত অব্যাহত আছে বন্য হস্তীৰ উপদ্ৰৱ ৷ বন্য হস্তীৰ উপদ্ৰৱে নিদ্ৰা হৰণ কৰিছে এতিয়া ৰাজ্যবাসীৰ ৷ ৰাজ্যৰ অন্য প্ৰান্তৰ লেখিয়াকৈ বিশ্বনাথ জিলাৰ বিভিন্ন অঞ্চলতো সন্ত্ৰাস চলাইছে এতিয়া বনৰীয়া হাতীয়ে ৷

গহপুৰ মহকুমা হেলেমত দেওবাৰে নিশা আহিছিল প্ৰায় 50-60 জনীয়া এটা বনৰীয়া হাতীৰ জাক ৷ এই বনৰীয়া হাতীৰ জাকটোৱে ভাঙি পেলালে তিনিটাকৈ পৰিয়ালৰ বাসগৃহ ৷ আনকি নষ্ট কৰে বহু পৰিমাণৰ খেতি-বাতি ৷

বিশ্বনাথত বন্য হাতী ধবংস লীলা

জানিব পৰা মতে, কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ পৰা ওলাই আহিছিল এই বন্য হস্তীৰ জাকটো ৷

বন্যহস্তীৰ আক্ৰমণত কথমপি প্ৰাণ ৰক্ষা পৰে পৰিয়ালকেইটাৰ ৷ জানিব পৰা মতে, বন্যহস্তীৰ জাকটোৱে প্ৰায়ে খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনবসতিপূৰ্ণ অঞ্চলত প্ৰৱেশ কৰি ধাৰাবাহিকভাৱে গঞা ৰাইজৰ ক্ষতিসাধন কৰি আহিছে । বন বিভাগক এই সন্দৰ্ভত কেইবাবাৰো অৱগত কৰাৰ পাচতো বিভাগটোৱে নিৰ্লিপ্ত ভূমিকা গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন কৰি কৰিছে স্থানীয় ৰাইজে ৷

বনৰীয়া হাতীৰ জাকটোৱে লণ্ড ভণ্ড কৰা পৰিয়ালকেইটাক উচিত ক্ষতিপূৰণ দিবলৈ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ উল্লেখ্য যে, বিগত কিছুদিন ধৰি বনৰীয়া হাতীৰ তাণ্ডৱৰ বাবে উজাগৰি নিশা কটাবললগীয়া হৈছে অঞ্চলটোৰ ৰাইজে । হাতীৰ উপদ্ৰৱত এতিয়া আতংকিত হৈ পৰিছে অঞ্চলবাসী ৷

লগতে পঢ়ক: এনকাউণ্টাৰত গুলীবিদ্ধ আলফা (স্বা)ৰ লিংকমেন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.