বিশ্বনাথ, ২৫ ডিচেম্বৰ: এতিয়া ৰাজ্যৰ প্ৰতিখন পথাৰ সৰিয়হৰ হালধীয়া ফুলেৰে ভৰি পৰিছে । এইক্ষেত্ৰত বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ কাঠনিবাৰী শিক্ষিত যুৱক সকলো পিছপৰি ৰোৱা নাই । বিঘাই বিঘাই সৰিয়হৰ খেতি কৰিছে মোনাবাৰী কাঠনিবাৰী অঞ্চলৰ শিক্ষিত যুৱকসকলে । বিশেষকৈ বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ মোনাবাৰী, কাঠনিবাৰী,বালিপুৰী, জিনজিয়া, বটিয়ামাৰী, টেলেঙনীয়া, ৰাংছালী আদি অঞ্চলৰ প্ৰতিখন পথাৰ এতিয়া হালধীয়া হৈ জিলিকি পৰিছে ।
উল্লেখযোগ্য যে ক’ভিড-১৯ মহামাৰীৰ সময়ৰ পৰা মোনাবাৰী কাঠনিবাৰী শিক্ষিত যুৱক জিৎ তাঁতীকে ধৰি অঞ্চলটো বহু শিক্ষিত যুৱকে বিগত কেইবাবছৰ ধৰি কাঠনিবাৰী বিভিন্ন অঞ্চলৰ লগতে কাঠনিবাৰী পথাৰত সৰিয়হ খেতি কৰি আহিছে ৷ তেওঁলোকে ইয়াৰ জৰিয়তে প্ৰতি বছৰে অধিক মুনাফা আদায় কৰি অহাৰ লগতে অঞ্চলটোত আন আন লোককো সৰিয়হৰ খেতিৰ প্ৰতি আকৰ্ষিত কৰিছে ৷
এইবাৰো অঞ্চলটোত পূৰ্বতকৈ যথেষ্ট ভাল হৈছে সৰিয়হৰ খেতি । এই ক্ষেত্ৰত বিশ্বনাথ কৃষি বিভাগে বহু পৰিমাণে সহায়-সহযোগিতা কৰা বুলিও জানিবলৈ দিয়ে জিৎ তাঁতীয়ে । তেওঁ জানিবলৈ দিয়া মতে, অঞ্চলটোৰ প্ৰায় ৩০-৩৫ জন উচ্চ শিক্ষিত যুৱক এই খেতিৰ লগত জড়িত হৈ আছে ৷
ইফালে বনৰীয়া হাতী আৰু গাহৰিৰ মুক্ত বিচৰণৰ বাবেও জনা যায় এই অঞ্চলটো ৷ কিন্তু পাচত স্থানীয় বিধায়ক ৰঞ্জিত দত্তই এই বিষয়ে জানিব পাৰে বনৰীয়া হাতী পৰা খেতিসমূহক সুৰক্ষা দিবলৈ বৈদ্যুতিক তাঁৰ ব্যৱস্থা কৰি দিয়া বুলি উল্লেখ কৰে জিৎ তাঁতীয়ে। যিয়েই নহওক, এতিয়া যেন এই হালধীয়া সাগৰে অঞ্চলটোৰ শিক্ষিত যুৱকসকলৰ চকু মুখত বিৰিঙাইছে আনন্দৰ হাঁহি।