ETV Bharat / state

Farewell Programme at Biswanath DIPR: জিলা তথ্য আৰু জনসংযোগ বিভাগৰ কৰ্মচাৰী পৱন কুমাৰ নাথক বিদায় সম্বৰ্ধনা - Farewell Programme at Biswanath DIPR

জিলা তথ্য আৰু জনসংযোগ বিভাগৰ কৰ্মচাৰী পৱন কুমাৰ নাথক বিদায় সম্বৰ্ধনা (Farewell ceremony at Biswanath chariali DIPR) ৷ শুকুৰবাৰে অনুষ্ঠিত কৰা হয় এই অনুষ্ঠানৰ ৷

Farewell ceremony at Biswanath chariali DIPR
জিলা তথ্য আৰু জনসংযোগ বিভাগত বিদায় সম্বৰ্ধনা অনুষ্ঠান
author img

By

Published : Mar 4, 2023, 12:27 PM IST

Updated : Mar 4, 2023, 12:37 PM IST

বিশ্বনাথ চাৰিআলি, 4 মাৰ্চ : বিশ্বনাথ জিলাৰ জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ত এক বিদায়ী অনুষ্ঠান অনুষ্ঠিত হয় ৷ বিভাগৰ কৰ্মচাৰী পবন কুমাৰ নাথক বিদায় সম্বৰ্ধনা জনোৱা হয় কাৰ্যালয়ত (Biswanath chariali District Information and Public Relation Department) ৷ জিলা তথ্য আৰু জনসংযোগ বিভাগৰ কাৰ্যালয়ত উচ্চ বৰ্গৰ সহায়ক হিচাপে তিনি দশকৰো অধিক কাল সেৱা আগবঢ়াই অহা পবন কুমাৰ নাথক শুক্ৰবাৰে বিয়লি বিভাগটোৰ বিষয়া-কৰ্মচাৰীসকলে বিদায় সম্বৰ্ধনা জ্ঞাপন কৰে (Farewell ceremony at Biswanath chariali)।

জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা বিদায় সম্বৰ্ধনা সভাখনিত বিশ্বনাথৰ অতিৰিক্ত উপায়ুক্ত বিশ্বজিৎ শইকীয়া, সহকাৰী আয়ুক্ত তথা ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া সৃষ্টি কলিতা, সহকাৰী পৰিকল্পনা বিষয়া মুনীন্দ্ৰ কুমাৰ শৰ্মা, প্ৰশাসনিক বিষয়া গিৰীশ হাজৰিকাৰ লগতে বিভাগটোৰ অন্যান্য বিষয়া কৰ্মচাৰী, জ্যেষ্ঠ সাংবাদিক হেমন্ত শইকীয়া উপস্থিত থাকে ৷ সভাত বিদায়ী কৰ্মচাৰী পবন কুমাৰ নাথক গামোচা, চেলেং, কীৰ্ত্তন ঘোষা, সম্বৰ্ধনা পত্ৰ, শৰাই আদিৰে অৱসৰকালীন সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয় (Farewell ceremony at Biswanath chariali DIPR) ।

লগতে পঢ়ক : Construction of embankment in Karbi Anglong: পশ্চিম কাৰ্বি আংলঙক বানমুক্ত কৰাৰ লক্ষ্যৰে মথাউৰি নিৰ্মাণৰ কাম আৰম্ভ

জনসংযোগ বিভাগৰ সংলগ্ন জ্যেষ্ঠ সহায়ক ৰণজিৎ শইকীয়াই আঁত ধৰা অনুষ্ঠানটিত সভাত উপস্থিত সকলোৱে পবন কুমাৰ নাথৰ কৰ্মদক্ষতাৰ শলাগ লোৱাৰ লগতে নিষ্ঠাৱান কৰ্মচাৰী গৰাকীক বিদায় সম্ভাষণ জনায় । বিদায় সম্ভাষণ অনুষ্ঠানটিত তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ৰ বিদায়ী কৰ্মচাৰী পবন কুমাৰ নাথে ভাষণ প্ৰদান কৰে ৷ ভাষণত বিদায়ী কৰ্মচাৰীজনে সাংবাদিকসকল নিৰপেক্ষ হ'ব নোৱাৰে তথাপিও ৰাইজৰ পক্ষত থাকি কাম কৰি যাবলৈ আহ্বান জনাই জিলাখনৰ প্ৰতিগৰাকী সাংবাদিক তথা সংবাদ দাতাকে ।

লগতে পঢ়ক : UP Police recovers crude bombs: উত্তৰ প্ৰদেশত উদ্ধাৰ বৃহৎ পৰিমাণৰ খাৰ বোমা

Last Updated : Mar 4, 2023, 12:37 PM IST

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.