ETV Bharat / state

বিশ্বনাথত জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্রীলৈ স্মাৰক পত্ৰ প্ৰেৰণ চিপিআই(এমএল)ৰ - স্মাৰকপত্ৰ প্ৰেৰণ

বিহালী সমষ্টিৰ আদিবাসী লোকসকলক ভূমি পট্টা প্ৰদানৰ দাবী চিপিআই(এমএল)ৰ । বিশ্বনাথৰ জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্রীলৈ এই দাবী সম্বলিত স্মাৰকপত্ৰ প্ৰেৰণ কৰিলে চিপিআই(এমএল)ৰ নেতা-কৰ্মীয়ে ।

মুখ্যমন্ত্রীলৈ স্মাৰক পত্ৰ প্ৰেৰণ বিশ্বনাথৰ চিপিআই(এমএল) নেতাৰ

author img

By

Published : Feb 2, 2021, 7:58 PM IST

বিশ্বনাথ, ২ ফেব্ৰুৱাৰী: বিহালী সমষ্টিৰ বিভিন্ন অঞ্চলত বাস কৰা আদিবাসী লোকসকলে দীৰ্ঘদিন ধৰি ভূমি পট্টা প্ৰদান কৰিবলৈ চৰকাৰক আহ্বান জনোৱাৰ পিছতো কোনো সুফল নোপোৱাত এতিয়া এই দাবী সম্বলিত এখন ৰাজহুৱা স্মাৰক পত্ৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিছে চিপিআই(এমএল)ৰ নেতা-কৰ্মীয়ে । সোমবাৰে চিপিআই(এমএল) আৰু কৃষক মহাসভাই যুটীয়াভাৱে বিশ্বনাথৰ জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

মুখ্যমন্ত্রীলৈ স্মাৰক পত্ৰ প্ৰেৰণ বিশ্বনাথৰ চিপিআই(এমএল) নেতাৰ
মুখ্যমন্ত্রীলৈ স্মাৰক পত্ৰ প্ৰেৰণ বিশ্বনাথৰ চিপিআই(এমএল) নেতাৰ

বিহালী সমষ্টিৰ পশ্চিম জিনজিয়া, কাছমাৰী, খৰাশিমলু, দিছিৰি, শিমলুগুৰি, নিজ শৌলমাৰী আৰু ১ নং ঘোঁৰামাৰী গাঁৱৰ, ৰাংছালী, ৰৌমাৰীৰ ৰাইজে দীৰ্ঘদিন ধৰি বসবাস কৰি থকা মাটিৰ বাবে বিজেপি চৰকাৰে ২০১৭ চনৰ পৰা খাজনা লোৱা বন্ধ কৰি দিয়া সন্দৰ্ভত এই ৰাজহুৱা স্মাৰক পত্ৰ প্ৰদান কৰে চিপিআই(এমএল) নেতা বিবেক দাসৰ নেতৃত্বত যোৱা এটা দলে ‌। উল্লেখ্য যে, উচ্চতম ন্যায়লয়ৰ নিৰ্দেশত ২০১৭ চনৰ পৰাই বেদখল কৰা ভূমিত বসবাস কৰি থকা লোকৰ পৰা খাজনা লোৱা বন্ধ কৰাক লৈ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমৰ ৰাইজক উচ্চতম ন্যায়লয়ৰ উক্ত নিৰ্দেশৰ আওতাৰ পৰা আঁতৰাই ৰাখিবলৈ উচ্চতম ন্যায়লয়ত আবেদন কৰিব বুলি ঘোষণা কৰিছিল । কিন্তু সেই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে আজি পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ নকৰাত এতিয়া বিভিন্ন দল-সংগঠনৰ লগতে সচেতন ৰাইজ ক্ষোভিত হৈ পৰিছে । এই সমস্যা সমাধান কৰা লগতে উক্ত স্থানসমূহত বসবাস কৰি থকা লোকসকলক শীঘ্ৰে মাটিৰ পট্টা প্ৰদান কৰিবলৈ দাবী জনায় চিপিআই(এমএল)ৰ নেতৃত্বই ।

স্মাৰক পত্ৰত উল্লেখ কৰা হৈছে যে, অসমীয়া আদিবাসী খিলঞ্জীয়া লোকে চল্লিশ-পঞ্চাশ বছৰ ধৰি দৰিদ্ৰতাৰ বাবে, খহনীয়াত নিজৰ ঘৰ-মাটি হেৰুওৱাকে ধৰি বিভিন্ন কাৰণ উক্ত গোপচাৰ (বেদখল কৰা) মাটিত বসবাস কৰি আহিছে । উক্ত ভূমিসমুহ অসম চৰকাৰে সংৰক্ষণমুক্ত ঘোষণা কৰি দৰিদ্ৰ লোকসকলক মাটিৰ পট্টা প্ৰদান কৰাৰ দাবী জনোৱা হৈছে ।

লগতে পঢ়ক:গণেশগুৰিত বিজেপিৰ নিৰ্বাচনী কাৰ্যালয় মুকলি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.