ETV Bharat / state

Farewell felicitation program: বিহালীৰ বৰালিমৰা সমল কেন্দ্ৰ সমন্বয়ক দীপক গগৈক বিদায় সম্বৰ্ধনা

author img

By

Published : Aug 17, 2023, 8:23 PM IST

বিহালী লালপুখুৰী প্ৰাথমিক বিদ্যালয়ত বিদায় সভা । বিহালী শিক্ষা খণ্ডৰ অন্তৰ্গত বৰালিমৰা মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক দীপক গগৈক আনুষ্ঠানিকভাৱে বিদায় দিবলৈ অনুষ্ঠিত কৰা হয় এই বিদায় সভাখনিৰ ।

Content Centre Coordinator Deepak Gogoi farewell felicitation
বিহালীৰ বৰালিমৰা সমল কেন্দ্ৰ সমন্বয়ক দীপক গগৈক বিদায় সম্বৰ্ধনা

বিশ্বনাথ,১৭ আগষ্ট: বিহালী শিক্ষা খণ্ডৰ অন্তৰ্গত বৰালিমৰা মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক দীপক গগৈক বৃহস্পতিবাৰে চাকৰি সুত্ৰে লক্ষিমপুৰলৈ বদলি হোৱাত বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্ধনা জনোৱা হয় । বিহমাৰী মণ্ডল সমল কেন্দ্ৰৰ উদ্যোগত, লালপুখুৰী প্ৰাথমিক বিদ্যালয়ত শিক্ষক বিপুল বৰাই সভাপতিত্ব কৰা সম্বৰ্ধনা সভাখনৰ আঁত ধৰে শিক্ষক দিগন্ত কুমাৰ দাসে ।

সভাত সঁ‌ফুৰা, মানপত্ৰ আৰু গামোচাৰে বিদায়ী সমল কেন্দ্ৰ সমন্বয়ক দীপক গগৈক বিহমাৰী মণ্ডল শিক্ষক সমাজৰ ফালৰ পৰা বিদায় সম্বৰ্ধনা জ্ঞাপন কৰা হয় । শিক্ষকসকলৰ ফালৰ পৰাও ব্যক্তিগতভাৱে বিপুল বৰা, সমৰ ৰয়, পল্টু কুৰ্মী, দেৱব্ৰত পায়েং, দীনেশ চাহু, মনালিছা বৰা, সমল কেন্দ্ৰ সমন্বয়ক হৃদয় হাজৰিকা আদিয়ে দীপক গগৈক সম্বৰ্ধনা জনায় ।

বিদায়ী সমন্বয়ক দীপক গগৈয়ে নিজৰ আৱেগিক ভাষণত বিহালী শিক্ষা খণ্ড, বিহমাৰী আৰু বনগাঁও মণ্ডল সমল কেন্দ্ৰৰ প্ৰতিগৰাকী শিক্ষকক সদায় মনত ৰাখিম আৰু জীৱনৰ প্ৰথম কৰ্মস্থল হিচাপে চিৰদিন স্মৃতি হৈ থাকিব বুলি কৈ শাৰীৰিক দূৰত্ব থাকিলেও মানসিকভাৱে সদায় ওচৰতে থাকিম বুলি ভাষণত উল্লেখ কৰে ।

বিহমাৰী মণ্ডল সমন্বয়ক হৃদয় হাজৰিকাই নিজৰ বক্তব্যত "সহকৰ্মী হিচাপে, বন্ধু আৰু ভাতৃ হিচাপেও দীপক গগৈৰ সহযোগ, দিহা-পৰামৰ্শ কেতিয়াও পাহৰিব নোৱাৰিম আৰু সদায় এটা অভাৱ অনুভৱ কৰিম" বুলি কৈ আৱেগিক হৈ পৰা পৰিলক্ষিত হয় ।

সভাৰ সভাপতিৰ আসনৰ পৰা বিহমাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বিপুল বৰাই তেখেতৰ বক্তব্যত বিহমাৰী অঞ্চলৰ পৰা এজন এজনকৈ কেইবাগৰাকীও দক্ষ তথা কৰ্মঠ শিক্ষকক এনেদৰে বিদায় জনাব লগা হোৱাটো বৰ দুৰ্ভাগ্যজনক আৰু সমগ্ৰ বিহমাৰী তথা বনগাঁও মণ্ডলৰ বাবে অত্যন্ত ক্ষতিকাৰক বুলি কয় ।

উল্লেখ্য যে, শেহতীয়াকৈ সমগ্ৰ অসমৰ লগতে বিহালী শিক্ষাখণ্ডৰ পৰাও কেইবাগৰাকী শিক্ষকে ব্যক্তিগত বদলিকৰণৰ জৰিয়তে নিজ গৃহ জিলালৈ বদলি হৈ যোৱাত বহু বিদ্যালয়তে শিক্ষকৰ সংখ্যা এজনীয়া হৈ পৰিছে । পিছে এগৰাকী শিক্ষকৰে চলি থকা বিদ্যালয়সমূহত নতুনকৈ শিক্ষকক নিষুক্ত কৰা হ'বনে ? সেয়া সময়ত হ'ব লক্ষণীয় ।

লগতে পঢ়ক: Road accident in Nellie: নেলীত শোকাৱহ পথ দুৰ্ঘটনাত নিহত এজন

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.