বিশ্বনাথ, ১০ মাৰ্চ : নিৰ্বাচনৰ দিন চমু চাপি অহা লগে লগে তৎপৰ হৈ পৰিছে ৰাজনীতি দল সমূহৰ নেতা পালিনেতাসকল । এতিয়া সকলোৰে চকু মাথো লোকসভা সমষ্টিসমূহকলৈ । বৰ্তমান বিজেপি দখলত থকা তথা আৰ পি শৰ্মা দখলত থকা তেজপুৰ লোকসমষ্টিটোৰ প্ৰতি চকু প্ৰাক্তন আমোলা এম জি ভি কে ভানুৰ ।
আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজৰ কাষ চপাৰ নিমিত্তে কংগ্ৰেছ দলৰ কৰ্মীসকলৰ লগত সমষ্টিটোৰ চুকে-কোণে অংশগ্ৰহণ কৰি গৈছে ইখনৰ পিচত সিখন সভা ।দেওবাৰে বিশ্বনাথৰ বিহালীৰ কেটেলা ভৱনত উপস্থিত হৈ কংগ্ৰেছ কৰ্মীসকলৰ লগত মত বিনিময় কৰে ভানুৱে । ইফালে সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত আগন্তুক লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলে ১৪ খন আসনৰ ভিতৰত ১৪ খনেই দখল কৰিব বুলি মন্তব্য কৰে কংগ্ৰেছ নেতা ভানুৱে ।