বিশ্বনাথ, ৯ ফেব্ৰুৱাৰী: বুথ পৰ্যায়ৰ কৰ্মীসকলক নিৰ্বাচনী প্ৰস্তুতি চলোৱাৰ বাবে উৎসাহিত কৰি দলৰ ৰণনীতিৰ আভাস দিয়াৰ বাবে সভা-সমিতি অনুষ্ঠিত কৰিছে কংগ্ৰেছে । বিশ্বনাথতো জিলা কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত হ'ল বুথ সংকল্প শিবিৰ ।
![বিশ্বনাথত জিলা কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত হ'ল বুথ সংকল্প শিবিৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-biswnath-801-8-f-inc-photo-meeting-scrpt-as10018_09022021184435_0902f_1612876475_737.jpg)
৭৬ নং বিশ্বনাথ বিধানসভা সমষ্টিত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত বিহপুৰীয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক ভূপেন বৰা, ছত্তিশগড়ৰ পৰ্যবেক্ষক অটল শ্ৰীবাস্তৱ, বিশ্বনাথ জিলা কংগ্ৰেছৰ সভাপতি দিলীপ বৰুৱা, প্ৰাক্তন মন্ত্ৰী তথা বিশ্বনাথৰ প্ৰাক্তন বিধায়ক নুৰজামাল সৰকাৰ, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ মুখপাত্ৰ ড০ সঞ্জু বৰুৱাসহ বহু নেতা-কৰ্মী অংশগ্ৰহণ কৰে । আনহাতে, এই সভাতে ভূপেন বৰাই সাংবাদিকৰ আগত প্ৰকাশ কৰে যে, মহাজোঁট বন্ধনৰ ক্ষেত্ৰত প্ৰতিটো দলে আসন বেছিকৈ বিচৰাটো স্বাভাৱিক প্ৰক্ৰিয়া । কিন্তু প্ৰত্যেকটো দলৰ নেতাই জানে যে, কোনটো দলে কিমান আসন পাব লাগে ।
![বিশ্বনাথত জিলা কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত হ'ল বুথ সংকল্প শিবিৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-biswnath-801-8-f-inc-photo-meeting-scrpt-as10018_09022021184435_0902f_1612876475_665.jpg)
লগতে আগন্তুক বিধানসভা নিৰ্বাচনত মহাজোঁটে চৰকাৰ গঠন কৰিব বুলিও দাবী কৰে নেতাগৰাকীয়ে । ইফালে, পীযুষ হাজৰিকাই এখন সভাত মহাজোঁট বন্ধন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছিল যে এয়া মহাজোঁট নহয়, মহাজঁটহে । এই মন্তব্যৰ প্ৰতুত্তৰত নেতাগৰাকীয়ে কয় যে, প্ৰকৃততে ড০ হিমন্ত বিশ্ব শৰ্মা যি দলত থাকে সেই দলতহে জঁট লাগে ।
![বিশ্বনাথত জিলা কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত হ'ল বুথ সংকল্প শিবিৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-biswnath-801-8-f-inc-photo-meeting-scrpt-as10018_09022021184435_0902f_1612876475_644.jpg)
গতিকে কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটত জঁট নালাগে । কেৱল বিজেপিক গাদীচ্যুত কৰাৰ বাবেহে কংগ্ৰেছে আন দলৰ সৈতে মহাজোঁট বন্ধন গঠন কৰিছে বুলিও মন্তব্য কৰে ভূপেন বৰাই ।
লগতে পঢ়ক:আজমল অসমীয়া জাতিৰ বন্ধু নহয়: পদ্ম হাজৰিকা