ETV Bharat / state

খহনীয়াক ৰাষ্ট্ৰীয় দুৰ্যোগৰ স্বীকৃতি প্ৰধানমন্ত্ৰীৰ : সৰ্বানন্দ সোণোৱাল

author img

By

Published : Jul 29, 2020, 4:29 AM IST

Updated : Jul 29, 2020, 4:35 AM IST

মঙলবাৰে বিহালী আৰু গহপুৰৰ খহনীয়া পৰিস্থিতি পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ এই ভ্ৰমণ কালতেই মুখ্যমন্ত্ৰীগৰাকীয়ে খহনীয়াক ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে কেন্দ্ৰই ঘোষণা কৰা কথা উল্লেখ কৰে ৷

CM Sorbananda Sonowal Visited Behali-Gohpur

বিশ্বনাথ, 28 জুলাই : মঙলবাৰে বিশ্বনাথ জিলাৰ বিহালী বিধান সভা সমষ্টিৰ বুৰৈ নদী আৰু গহপুৰৰ চত্ৰং নদীৰ গৰাখহনীয়াৰ পৰিদৰ্শন কৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ‌। মুখ্যমন্ত্ৰীগৰাকীয়ে বিহালী সমষ্টিৰ বুৰৈ নদীৰ লালপুখুৰী গৰাখহনীয়াৰ ফলত বহু লোকৰ ঘৰবাৰী খহনীয়াত জাহ যোৱা অঞ্চলটো পৰিদৰ্শন কৰি জলস্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তক খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে ৷

বিহালী-গহপুৰৰ গৰাখহনীয়া পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

ইফালে বিহালী লালপুখুৰী পাছতে গহপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত চত্ৰং নদীৰ মথাউৰিও পৰিদৰ্শন কৰে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে । চত্ৰং নদীৰ মথাউৰি পৰিদৰ্শন কৰি সমস্যা বুজ লৈ শীঘ্ৰে বিজ্ঞান সন্মত ভাৱে মথাউৰি নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰিবলৈ বিভাগীয় মন্ত্ৰী কেশৱ মহন্তক নিৰ্দেশ দিয়ে ৷

আনহাতে পোন প্ৰথমবাৰৰ বাবে খহনীয়াক ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে কেন্দ্ৰীয় চৰকাৰ তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে স্বীকৃতি প্ৰদান কৰা বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

গৰাখহনীয়া পৰিদৰ্শন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

মঙলবাৰে এই গৰাখহনীয়া পৰিদৰ্শন কালত মুখ্যমন্ত্ৰীক সংগ দিয়ে বিহালী বিধায়ক তথা মন্ত্ৰী ৰঞ্জিত দত্ত, সাংসদ পল্লৱলোচন দাস, অসম ৰাজ্যিক পৰিৱহন নিগমৰ অধ্যক্ষ অশোক কুমাৰ ভট্টৰায়, বিশ্বনাথ জিলা বিজেপি সভাপতি দিগন্ত ঘাটোৱাল, বিজেপি নেতা ডাক্তৰ ৰঞ্জন গগৈকে ধৰি কেইবাজনো বিজেপি নেতাই ।

লগতে চাওক-বৰপেটাৰ চেঙাত খাদ্যত বিষক্ৰিয়া,অসুস্থ 50 ৰো অধিক

Last Updated : Jul 29, 2020, 4:35 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.