বিশ্বনাথ, 11 নৱেম্বৰ : ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বৃহস্পতিবাৰে বিশ্বনাথতো উদযাপন কৰা হয় ষট পূজা(Chhath Puja) ৷ উদিত সূৰ্যক অৰ্ঘ প্ৰদানেৰে ইতিমধ্যে সমাপ্ত হয় পূজাভাগ ৷ লগে লগে সামৰণি পৰে সূৰ্যষষ্ঠী ব্ৰত পূজাৰো ৷ জিলাখনৰ বহুকেইটা নৈৰ ঘাটত দেখা গ’ল সূৰ্যক আৰাধনা কৰাৰ বাবে সমবেত হোৱা ভক্তৰ সমাগম ৷
দুদিনীয়া কাৰ্যসূচীৰে বিশ্বনাথত উদযাপন কৰা হৈছে এই পূজা ৷ এই উৎসৱ বিশেষভাৱে হিন্দীভাষী লোকসকলৰ মাজত প্ৰচলিত ৷ উদয় হোৱা আৰু অস্ত যোৱা সূৰ্যক নমন কৰা একমাত্ৰ উৎসৱ হৈছে এই ষট পূজা ৷ বুধবাৰে বিয়লি 3 বজাৰ পৰা আৰম্ভ হোৱা পূজা ভাগ বৃহস্পতিবাৰে পুৱা 3 বজাত বৰগাং নৈৰ পাৰত সমাপ্ত কৰে ভক্তসকলে ৷ শতাধিক ভক্তই উদিত সূৰ্যক আৰাধনা কৰা পৰিলক্ষিত হয় ৷
বিশ্বনাথ জিলাৰ বিভিন্ন স্থানত গহপুৰ, বিহালী, চতিয়া আদি স্থানত নৈৰ পাৰত ষট পূজাৰ ব্যাপক আয়োজন কৰে ভোজপুৰী সমাজে । এই পূজা আৰম্ভণিৰ পৰা সম্পূৰ্ণ তিনিদিন ব্ৰতত থাকি তিনিদিনৰ অন্তত শুক্লা ষষ্ঠী তিথিত মনোবাঞ্ছা পূৰণৰ অৰ্থে পানীত নামি উদিত সূৰ্য দেৱতাক প্ৰণাম কৰে ভক্তসকলে ৷ প্ৰকৃতিৰ সৈতে সম্পৰ্কিত এই পূজাত প্ৰতিগৰাকী ভক্তই কঠোৰভাৱে পালন কৰে ৰীতি-নীতি ।
লগতে পঢ়ক : ঐতিহাসিক পেঙেৰা ঘাটত ষট পূজা উদযাপন