ETV Bharat / state

যুৱ সাংবাদিক পলাশ প্ৰিয়মক উন্নত চিকিৎসাৰ বাবে সাহাৰ্য - দীৰ্ঘদিন ধৰি জটিল ৰোগত আক্ৰান্ত

বিহালীৰ যুৱ সাংবাদিক পলাশ প্ৰিয়মক উন্নত চিকিৎসাৰ বাবে চেক প্ৰদান কৰিলে বিহালী সমষ্টিৰ অন্তৰ্গত বটিয়ামাৰী গাঁও পঞ্চায়তৰ সভানেত্ৰী ফুলমনি দাসে । দীৰ্ঘদিন ধৰি জটিল ৰোগত আক্ৰান্ত বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ অন্যতম যুৱ সাংবাদিক পলাশ প্ৰিয়ম ।

চেক প্ৰদান সভানেত্ৰী ফুলমনি দাসৰ
চেক প্ৰদান সভানেত্ৰী ফুলমনি দাসৰ
author img

By

Published : Feb 6, 2021, 6:50 PM IST

বিশ্বনাথ ৬ ফেব্ৰুৱাৰী: দীৰ্ঘদিন ধৰি জটিল ৰোগত আক্ৰান্ত বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ অন্যতম যুৱ সাংবাদিক পলাশ প্ৰিয়ম । চিকিৎসাৰ বাবে গাঁঠিৰ ধন ভাঙিও কোনো সুফল লাভ কৰিবলৈ সক্ষম হোৱা নাই পলাশে । তাৰোপৰি আৰ্থিক অভাৱত ভুগিছে সাংবাদিকগৰাকী ।

সাংবাদিকগৰাকীৰ উন্নত চিকিৎসাৰ বাবে শনিবাৰে বিহালী সমষ্টিৰ অন্তৰ্গত বটিয়ামাৰী গাঁও পঞ্চায়তৰ সভানেত্ৰী ফুলমনি দাসৰ জৰিয়তে বিধায়ক তথা মন্ত্ৰী ৰঞ্জিত দত্তই আৰ্থিক সাহাৰ্য হিচাপে চেক প্ৰদান কৰে । চেক প্ৰদান অনুষ্ঠানত উপস্থিত থাকে বটিয়ামাৰী গাওঁ পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সদস্য ধৰণী কান্ত ৰয় , ৱাৰ্ডৰ সদস্য ৰতন ৰয়, জ্যেষ্ঠ সমাজ কৰ্মী দাধিৰাম ঘিমিৰে লগতে বহু গণ্য মান্য ব্যক্তি ।

লগতে পঢ়ক:কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আৰম্ভ হ’ল পক্ষী গণনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.