বিশ্বনাথ, 18 চেপ্টেম্বৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে বিগত কিছুদিনৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত সেৱা সপ্তাহ পালন কৰি অহা হৈছে ৷ সমান্তৰালভাৱে বিশ্বনাথতো সেৱা সপ্তাহ কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে ৷ বিশ্বনাথত বিজেপি কৰ্মীসকলৰ উদ্যোগত পালন কৰা হ’ল সেৱা সপ্তাহ ৷
বিগত কেইবাদিন ধৰি বিশ্বনাথৰ বিহালীৰ বিজেপি কৰ্মী সকলে সেৱা সপ্তাহৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি অহা দেখা গৈছে ।আনহাতে শুকুৰবাৰেও বিহালী সমষ্টিৰ বাঘমৰা বিজেপি মণ্ডল সমিতিৰ সদস্য সকলে সেৱা সপ্তাহ উপলক্ষে বিহালীৰ বালিপুখুৰীত অৱস্থিত "North Eastern Regional Multipurpose school & Handicapped Training centre ত উপস্থিত হৈ বিশেষভাৱে সক্ষম শিশু পুৰুষ- মহিলাৰ মাজত ফল-মূল,মিঠাই,বিস্কুট,বিশুদ্ধ খোৱা পানী আদি বিতৰণ কৰে ।
এই কাৰ্যসূচীত উপস্থিত থাকে বাঘমৰা বিজেপি মণ্ডলৰ সভাপতি দধিৰাম শৰ্মা,জিলা পৰিষদৰ সদস্য তৰুন তাতী,বুঢ়ীগাং গাঁও পঞ্চায়তৰ সভাপতি অনুপ দাস,বিজেপি বিশ্বনাথ জিলা কাৰ্যনিৰ্বাহক সদস্য প্ৰাঞ্জল গোস্বামী তথা বাঘমৰা আঞ্চলিক সদস্যা ভাৰতী দেৱীকে ধৰি বহু কেইগৰাকী বিজেপি কৰ্মী ।
লগতে পঢ়ক :হাইলাকান্দিত কলেজৰ প্ৰৱেশ দ্বাৰত তলা ওলমাই প্ৰতিবাদ