ETV Bharat / state

বাতিল কৰক সাংস্কৃতিক অনুষ্ঠান: পাপৰি গগৈ - ক’ভিড-19

ক’ভিডৰ প্ৰতি লক্ষ্য ৰাখি শিল্পী পাপৰি গগৈৰ আহ্বান বিহু উদযাপন সমিতি আৰু শিল্পী সমাজলৈ ৷ শিল্পী গৰাকীৰ মতে, দেহা থাকিলেহে বেহা, গতিকে সাংস্কৃতিক অনুষ্ঠান কৰাৰ পৰা বিৰত থাকিব লাগে সকলোৱে ৷

দেহা থাকিলেহে বেহা,দেহা থাকিলে পিছতো অনুষ্ঠান কৰিব পাৰিম:পাপৰি গগৈ

author img

By

Published : Apr 26, 2021, 11:59 AM IST

বিশ্বনাথ,26 এপ্ৰিল: দেশত ভয়াবহভাৱে বৃদ্ধি পাইছে মহামাৰী কৰ'ণাৰ গণ সংক্ৰমণ । তীব্ৰ গতিত বৃদ্ধি পাইছে দেশৰ লগতে অসমতো ক’ভিড-১৯ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা । ক্ৰমান্বয়ে অসমে গতি কৰিছে জটিল পৰিস্থিতিৰ দিশে ।

ইফালে এই সময়চোৱাত অসমৰ কোনো কোনো অঞ্চলত বিহুৰ সাংস্কৃতিক অনুষ্ঠান চলি থকা পৰিলক্ষিত হৈছে । অসমৰ বুদ্ধিজীৱী তথা জ্যেষ্ঠ সাংবাদিক, বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞি আৰু শিল্পী জুবলী বৰুৱা ক’ভিড-19 ত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ।

দেহা থাকিলেহে বেহা,দেহা থাকিলে পিছতো অনুষ্ঠান কৰিব পাৰিম:পাপৰি গগৈ
দেহা থাকিলেহে বেহা,দেহা থাকিলে পিছতো অনুষ্ঠান কৰিব পাৰিম:পাপৰি গগৈ

আনহাতে, এই ক’ভিড পৰা সৰ্ব সাধাৰণ জনতাৰ লগতে অসমৰ একাংশ বিহু উদযাপন সমিতি লগতে একাংশ গায়ক-গায়িকাক সুৰক্ষিত হৈ থাকিবলৈ শিল্পী পাপৰি গগৈয়ে সামাজিক মাধ্যমৰ জৰিয়তে আহ্বান জনাইছে ।

যি সকল শিল্পীয়ে বৰ্তমান চুক্তিবদ্ধ হৈ আছে আৰু যি সকলে বিহু সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, সকলোৱে উক্ত অনুষ্ঠানসমূহ ক’ভিডৰ প্ৰতি লক্ষ্য ৰাখি বাতিল কৰিবলৈ সামাজিক মাধ্যমৰ জৰিয়তে আহ্বান জনাইছে শিল্পী পাপৰি গগৈয়ে ।

লগতে পঢ়ক: ক’ভিড সৃষ্ট পৰিৱেশ: ভাৰতীয় বায়ু সেনাৰ দ্বাৰা সাহায্যৰ চেষ্টা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.