ETV Bharat / state

CM Vigilance raid: উৎকোচ লৈ দুৰ্নীতি নিবাৰকৰ জালত ছয়দুৱাৰৰ শিক্ষা বিষয়া - উৎকোচ

প্ৰধান শিক্ষকৰ পৰা উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল ছয়দুৱাৰ প্ৰাথমিক শিক্ষা খণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া হৰিপ্ৰসাদ দাস ৷ শুকুৰবাৰে ঘোচ লোৱা অৱস্থাত হাতে-লোটে গ্ৰেপ্তাৰ হয় বিষয়াগৰাকী ৷

Education Officer Arrested Under Bribery Charges
ঘোচ লোৱা অৱস্থাত হাতে-লোটে গ্ৰেপ্তাৰ হয় বিষয়া
author img

By ETV Bharat Assamese Team

Published : Oct 6, 2023, 9:41 PM IST

দুৰ্নীতি নিবাৰক শাখাৰ জালত খণ্ড প্ৰাথমিক শিক্ষা বিষয়া

গহপুৰ, ৬ অক্টোবৰ : টকাৰ খঁক নুগুছেহে নুগুছে ৰাজ্যৰ একাংশ চৰকাৰী বিষয়া-কৰ্মচাৰীৰ ৷ ইজনৰ পাছত সিজনকৈ দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়া-কৰ্মচাৰী দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিছে যদিও এতিয়াও ৰাজ্যৰ চৰকাৰী বিভাগ সমূহত কমা নাই দুৰ্নীতি ৷ দুৰ্নীতিৰ বিৰুদ্ধে চৰকাৰে শূণ্য সহনহীলতাৰ নীতি গ্ৰহণ কৰি এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিছে যদিও স্তব্ধ হোৱা নাই দুৰ্নীতিৰ গতি ৷ সমগ্ৰ ৰাজ্যতে দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে দুৰ্নীতি নিবাৰক শাখাই অভিযান অব্যাহত ৰাখিছে যদিও টকাৰ খঁকত মত্ত একাংশই এতিয়াও নিমজ্জিত দুৰ্নীতিত ৷ মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশক বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন একাংশ দুৰ্নীতি পৰায়ণ বিষয়া-কৰ্মচাৰীৰ ৷

এইবাৰ উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল শিক্ষা বিষয়া ৷ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ পৰা উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল গহপুৰ মহকুমাৰ অন্তৰ্গত ছয়দুৱাৰ প্ৰাথমিক শিক্ষা খণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া হৰিপ্ৰসাদ দাস ৷ গহপুৰ মহকুমাৰ নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক সকলৰ বাবে আতংক স্বৰূপ হৈ পৰা এই গৰাকী ঘোচখোৰ শিক্ষা বিষয়াই শুকুৰবাৰে ঘোচ লোৱা অৱস্থাত হাতে-লোটে গ্ৰেপ্তাৰ হয় ৷

গুৱাহাটীৰ পৰা অহা দুৰ্নীতি নিবাৰক শাখাৰ এটা ৫ জনীয়া দলে অভিযান চলায় আটক কৰে দুৰ্নীতিগ্ৰস্ত বিষয়াজনক ৷ জানিব পৰা মতে, জৰিগুৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক কিৰণ পেগুৰ পৰা বদলিৰ নামত ছহেজাৰ টকা ল'বলৈ মুখ মেলোতেই কাৰ্যালয়ৰ ভিতৰতে শুকুৰবাৰে বিয়লি প্ৰায় ৪ বজাত হাতে-লোটে গ্ৰেপ্তাৰ হয় ধনলোভী শিক্ষা বিষয়া হৰিপ্ৰসাদ দাস ৷ ধৃত হৰিপ্ৰসাদ দাসক দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে কাৰ্যালয়ৰ ভিতৰত দীৰ্ঘ সময় জেৰা কৰাৰ অন্তত গুৱাহাটীলৈ লৈ যায় ৷

দুৰ্নীতিত লিপ্ত হৈ দুয়োখন হাত দাঙিবলৈ বাধ্য হোৱা ধুৰন্ধৰ শিক্ষা বিষয়া হৰিপ্ৰসাদ দাসৰ এই নিকৃষ্ট কাণ্ডক লৈ নাক কোচাইছে গহপুৰ শৈক্ষিক সমাজে ৷ উল্লেখযোগ্য যে, পাঠদানৰ উপৰিও বিভিন্ন চৰকাৰী কামৰ বোজাৰ মাজত মূৰ দাঙিবলৈ সময় নোপোৱা গহপুৰ মহকুমাৰ নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক সকলৰ বাবে আতংকৰ কাৰণ হৈ পৰিছিল হৰিপ্ৰসাদ দাস ৷ নাৰায়ণপুৰত শিক্ষা বিষয়া হৈ থকাৰ সময়ত বিভিন্ন দুৰ্নীতি-অনিয়মেৰে কলংকিত হৈ পৰা হৰিপ্ৰসাদ দাসে ছয়দুৱাৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত খণ্ড শিক্ষা বিষয়া হিচাবে যোগদান কৰাৰ পিছৰে পৰা গহপুৰতো পেলাবলৈ লয় লুণ্ঠনৰ জাল ৷

অভিযোগ অনুসৰি বাৰ্ষিক বেতন বৃদ্ধিৰ পুস্তিকাত চহী কৰা, বিদ্যালয়ৰ বিভিন্ন নথি পত্ৰ পৰীক্ষা কৰা, ছাত্র-ছাত্ৰীৰ পৰীক্ষাৰ বহীৰ নম্বৰ পৰীক্ষা কৰা, মধ্যাহ্ন ভোজনৰ হিচাপ পৰীক্ষা, আন্তঃগাঠনিৰ বাবে অহা ধনৰ হিচাপ লোৱাৰ অজুহাতত মাহৰ পিছত মাহ ধৰি শিক্ষক-শিক্ষয়িত্ৰী সকলক হাৰাশাস্তি কৰি মানসিক চাপ বৃদ্ধিৰে উৎকোচ দাবী কৰি আহিছিল হৰিপ্ৰসাদ দাসে ৷ কিছুদিন পূৰ্বে বালিজানৰ এগৰাকী শিক্ষকক সামান্য এটা ভুলৰ অজুহাত দেখুৱাই এক লাখ টকাৰ উৎকোচ বিচাৰি হাৰাশাস্তি কৰি আহিছিল তেওঁ ৷ শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত নিয়োজিত হৈ জ্ঞানৰ পোহৰ বিলাই অহা শিক্ষক সকলক এনেদৰে হাৰাশাস্তি কৰি হকে-বিহকে উৎকোচ দাবী কৰি অহা ঘোচখোৰ শিক্ষা বিষয়া হৰিপ্ৰসাদ দাসক গ্ৰেপ্তাৰ কাৰত যথেষ্ট সন্তোষ প্ৰকাশ কৰিছে গহপুৰৰ শৈক্ষিক আৰু বৌদ্ধিক সমাজে ৷

লগতে পঢ়ক :

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.