বিশ্বনাথ, 16 আগষ্টঃ বৃহস্পতিবাৰে সন্ধিয়া বিশ্বনাথ জিলাৰ বাঘমাৰীত সংঘটিত পথ দুৰ্ঘটনাক লৈ সৃষ্টি হৈছিল চাঞ্চল্যৰ ৷ কিয়নো দুৰ্ঘটনাতো বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কনভয়ৰ গাড়ী খুন্দাত সংঘটিত বুলি প্ৰচাৰ হৈছিল ৷ কিন্তু এই ঘটনাৰ ওপৰত বিপৰীত মন্তব্য দিয়ে বিশ্বনাথ জিলা আৰক্ষী অধীক্ষকে ৷ আৰক্ষী অধীক্ষকজনে সাংবাদিকৰ আগত কয় যে দুৰ্ঘটনাটোৰ লগত জড়িত নহয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ মন্ত্ৰীগৰাকীৰ কনভয় উপস্থিত হোৱাৰ পূৰ্বেই সংঘটিত হৈছিল দুৰ্ঘটনাটো ৷ তেওঁ পুনৰ কয় যে দুৰ্ঘটনাস্থলীত মন্ত্ৰীগৰাকী উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত যুৱক দুজনক কনভয়ৰ গাড়ীৰে হাস্পাতাল লৈ যোৱাত সহায় হে কৰিছিল মন্ত্ৰীগৰাকীয়ে ৷
উল্লেখযোগ্য যে , সন্ধিয়া বিশ্বনাথ জিলাৰ বাঘমাৰীত হোৱা পথ দুৰ্ঘটনাটোত থিতাতে মৃত্যু হৈছিল দুজনকৈ মটৰ চাইকেল আৰোহী ৷ নিহত দুজন ক্ৰমে মোনাবীৰী ইটাখোলা লাইনৰ বিপুল মাঝী আৰু সুছেন জগদলা ৷ লগতে গুৰুত্বৰ ভাবে আহত হৈছিল মোনাবাৰী হাতখোলা লাইনৰ শচিন গোৱালা নামৰ ব্যক্তিজন ৷ বিশ্বনাথ চাৰিআলি পৰা মোনাবাৰী লৈ বাইক লৈ গৈ থকা অৱস্থাত বিপৰীত দিশৰ পৰা অহা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কনভয়ৰ গাড়ীৰ লগত মুখামুখি সংঘৰ্ষ হোৱাত দুৰ্ঘটনাটো সংঘটিত হৈছিল বুলি জানিব পৰা গৈছিল ৷ দুৰ্ঘটনাটো মন্ত্ৰীগৰাকীৰ কনভয়ৰ গাড়ীৰ লগত সংঘটিত হৈছিল বুলি মন্তব্য কৰিছিল দুৰ্ঘটনাস্থলীত উপস্থিত থকা স্থানীয় লোকে ৷