বিশ্বনাথ,18 জুনঃ “সমন্বয় আৰু শান্তিৰ বাবে যোগ” – এই বাণীৰে যোৱা ২০১৫ চনৰে পৰা বিশ্বজুৰি উদযাপিত হৈ আহিছে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। দেশৰ অন্যান্য প্ৰান্তৰ লগতে বিশ্বনাথ জিলাতো পঞ্চমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস আয়োজনৰ ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে। বিশ্বনাথ জিলা প্ৰশাসনৰ উদ্যোগত আৰু পতঞ্জলি যোগপীঠৰ বিশ্বনাথ জিলা সমিতি তথা প্ৰজাপিতা ব্ৰহ্মকুমাৰীৰ সহযোগত অহা ২১ জুনত বিশ্বনাথ কলেজৰ প্ৰেক্ষাগৃহত পঞ্চম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ আয়োজন কৰা হৈছে। সেইদিনা পুৱা ৬-৩০ বজাৰ পৰা এই দিৱসৰ কাৰ্যসূচী আৰম্ভ হব। ইয়াৰ পূৰ্বে যোৱা ১৬ জুনৰ পৰা বিশ্বনাথ চাৰিআলিৰ চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত এক যোগ প্ৰশিক্ষণ কাৰ্যসূচীও অনুষ্ঠিত কৰা হৈছে। প্ৰতিদিনে পুৱা ৬-৩০ বজাৰ পৰা এঘণ্টাৰ বাবে আয়োজিত এই কাৰ্যসূচীত পতঞ্জলি যোগপীঠৰ যোগ প্ৰশিক্ষকসকলৰ লগতে জিলা ক্ৰীড়া আৰু যুৱকল্যাণ বিভাগৰ যোগ প্ৰশিক্ষকসকলেও যোগাভ্যাসৰ প্ৰশিক্ষণ প্ৰদান কৰিছে। সম্পূৰ্ণ বিনামূলীয়া এই প্ৰশিক্ষণত যোগদান কৰি যোগাভ্যাসৰ জৰিয়তে এক সবল শৰীৰ-মনৰ অধিকাৰী হোৱাৰ সুযোগ গ্ৰহণ কৰিবলৈ সমূহ ৰাইজক বিশ্বনাথ জিলাৰ উপায়ুক্ত পৱিত্ৰ ৰাম খাউণ্ডে আহ্বান জনাইছে। উল্লেখযোগ্য যে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ প্ৰাকক্ষণত জনসাধাৰণক যোগাভ্যাসৰ প্ৰতি আগ্ৰহী আৰু পাৰদৰ্শী কৰি তোলাৰ লক্ষ্যেৰে পতঞ্জলি যোগপীঠৰ বিশ্বনাথ জিলা সমিতিয়ে জিলাখনৰ বিভিন্ন এলেকাত ইতিমধ্যেই যোগ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰি আছে। এই শিবিৰসমূহত প্ৰশিক্ষণপ্ৰাপ্ত ব্যক্তিসকলৰ লগতে জিলাৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰী, স্থানীয় ৰাইজ আৰু অন্যান্য অনুষ্ঠান-প্ৰতিষ্ঠানে ২১ জুনৰ মূল কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। এই কেন্দ্ৰীয় কাৰ্যসূচীত সমূহ ৰাইজৰ অংশগ্ৰহণ আৰু সহযোগিতা জিলা প্ৰশাসনে কামনা কৰিছে।
বিশ্বনাথত যোগ দিৱস উদযাপনৰ ব্যাপক প্ৰস্তুতি - বিশ্বনাথ
পাঁচদিনীয়া বিনামূলীয়া যোগ প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন