বিশ্বনাথ, 12 ফেব্ৰুৱাৰীঃ বিশ্বনাথত আটক কুখ্যাত চোৰ ৷ বিগত 8 ফেব্ৰুৱাৰীত বিশ্বনাথ নগৰৰ মাজমজিয়াৰ "বিশ্বনাথ পাৱাৰ" নামৰ প্ৰতিষ্ঠানখনৰ পৰা নিশা চোৰে তাণ্ডৱ চলাই লুটি নিয়ে কেইবালক্ষাধিক টকাৰ ম’বাইল ফোন ৷ প্ৰতিষ্ঠানটোৰ ওপৰৰ টিনপাট কাটি চোৰে চলাইছিল তাণ্ডৱ ৷ কিন্তু মঙলবাৰে নিশা বিশ্বনাথ জিলা আৰক্ষীৰ এটা দলে অভিযান চলাই তেজপুৰৰ ঝাৰনিগাঁৱৰ পৰা এই চুৰিকাণ্ডৰ মূল খলনায়ক মহম্মদ ইক্ৰামুল হুছেইনক আটক কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে ইক্ৰামুল হুছেইনৰ পৰা জব্দ কৰে পাঁচটাকৈ ম’বাইল ফোন ৷ আনহাতে, বাকীসমূহ ফোন ডেকাৰহগাঁও ৰেল ষ্টেছনত যাত্ৰীক অতি কম দামত বিক্ৰী কৰাৰ কথা স্বীকাৰ কৰে ধৃত ইক্ৰামুল হুছেইনে ৷
ইতিমধ্যে বিশ্বনাথ জিলা আৰক্ষীয়ে বাকী ম’বাইল ফোনসমূহ উদ্ধাৰ কৰাৰ বাবে অভিযান অব্যাহত ৰাখিছে ৷ সোধপোছৰ বাবে ৫ জন মোবাইল ফোনৰ ক্ৰেটাকো আটক কৰিছে আৰক্ষীয়ে ৷ বিশ্বনাথ আৰক্ষীৰ এই সফলাতাৰ বাবে বিশ্বনাথৰ ৰাইজ তথা বিশ্বনাথ পাৱাৰ নামৰ প্ৰতিষ্ঠানখনৰ স্বতাধিকাৰীয়ে শলাগ লোৱাৰ লগতে ধন্যবাদ জ্ঞাপন কৰিছে ৷
লগতে পঢ়ক-নগাঁও আৰক্ষীৰ জালত বন্দী কেঁকোসাপসহ দুই আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়ী