বিশ্বনাথ, ৯ ফেব্ৰুৱাৰীঃ নৰেন্দ্ৰ মোডীৰ অসম আগমনক লৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সাব্যস্ত কৰে বিশ্বনাথত এক প্ৰতিবাদী কাৰ্যসূচী।নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত এই প্ৰতিবাদ।
বিশ্বনাথ চাৰিআলিৰ নগৰৰ মাজমজিয়াত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পুত্তলিকা দাহ কৰাৰ লগতে টায়াৰ জলাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰী সকলে