বিশ্বনাথ, 27 মাৰ্চঃ কলিয়াবৰৰ পৰা খোজকাঢ়ি বিশ্বনাথ পালেহি 80 বছৰীয়া এগৰাকী বৃদ্ধ লোক ৷ লক ডাউনৰ পূৰ্বেই এই খগেন বৰুৱা নামৰ লোকজন গৈছিল গুৱাহাটীত থকা পুত্ৰৰ ওচৰলৈ ৷ মঙলবাৰে ল'ক ডাউন ঘোষণাৰ পূৰ্বেই বাছত উঠি আহিছিল ঘৰলৈ ৷ কিন্তু লালুকস্থিত ঘৰ পোৱাৰ পূৰ্বেই ইতিমধ্য ৰাজ্যজুৰি ঘোষিত লক ডাউনত স্তব্ধ হৈ পৰে জনজীৱন ৷ যাৰ বাবে কলিয়াবৰ তিনিআলিত গাড়ীৰ পৰা নমাৰ পিচত গাড়ী নাপাই খোজ কাঢ়িয়েই ঘৰলৈ বুলি বাট লয় লোকজনে ৷ কলিয়াবৰৰ পৰা বিশ্বনাথ চাৰিআলিলৈকে প্ৰায় ১০০ কিলোমিটাৰ খোজ কাঢ়ি আহিছিল তেওঁ ৷ নিশাটো কষ্টেৰে কটাইছিল ৰে'লৱে ষ্টেচনতেই ৷ আনহাতে পুত্ৰই দিয়া ১২০০ টকাও তেওঁৰ পৰা লুটি নিয়ে কোনো দুস্কৃতিকাৰীয়ে ৷ অসুস্থ হৈ পৰে খগেন বৰুৱা ৷
পৰৱৰ্তী সময়ত বিশ্বনাথ চাৰিআলিৰ কেইগৰাকীমান সুহৃদয়বান ব্যক্তিয়ে লোকজনক উদ্ধাৰ কৰি ভৰ্তি কৰায় এখন ব্যক্তিগত চিকিৎসালয়ত ৷ তেওঁৰ স্বাস্থ্য পৰীক্ষা কৰোৱাই বিশ্বনাথ আৰক্ষীক চমজাই দিয়ে স্থানীয় লোকে ৷ শুকুৰবাৰে পুৱাই আৰক্ষীৰ লোকে তেওঁক কিছু খাদ্য খুৱাই, হাতত কিছু ধন দি গাড়ীৰে লখিমপুৰ পঠিওৱাৰ ব্যৱস্থা কৰে ৷ কিন্তু দুখৰ বিষয় যে, বৰ্তমানলৈয়ো খবৰ নাই তেওঁৰ পৰিয়ালৰ কোনো লোকৰে ৷
লগতে পঢ়কঃ তলাবন্ধৰ সময়ছোৱাত আপুনি কি কি কৰিব পাৰে আৰু কি কি নোৱাৰে !