ETV Bharat / state

বিশ্বনাথত নৱ নিৰ্মিত ৰাষ্ট্ৰীয় ঘাইপথত বৃহৎ ফাট - বিশ্বনাথৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথ

বিশ্বনাথৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ মোনাবাৰীত নৱনিৰ্মিত চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত বৃহৎ ফাট ৷ পথটোৰ নিৰ্মীয়মান এটা অংশত বৃহৎ ফাট মেলাক লৈ সৰৱ হৈ পৰিছে স্থানীয় লোককে ধৰি দল সংগঠন ৷

Biswanath Highway scam
বিশ্বনাথত নৱ নিৰ্মিত ৰাষ্ট্ৰীয় ঘাইপথত বৃহৎ ফাট
author img

By

Published : Aug 31, 2020, 10:22 AM IST

বিশ্বনাথ, 31 আগষ্টঃ বিশ্বনাথৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ মোনাবাৰীত নৱনিৰ্মিত চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত বৃহৎ ফাট ৷ উল্লেখ্য যে, বিশ্বনাথ বালিপুখুৰীৰ পৰা গহপুৰলৈ যোৱা এই পথছোৱাত বিগত 2016 চনৰ পৰা চাৰিলেনযুক্ত পথ নিৰ্মানৰ কাম চলি আছে ৷ প্ৰায় 52 কিলোমিটাৰ দৈৰ্ঘৰ এই পথছোৱা নিৰ্মানৰ দায়িত্ব অৰুনাচল প্ৰদেশৰ টি.কে ইঞ্জিনিয়াৰিং নামৰ এটা ব্যক্তিগত পথ নিৰ্মানকাৰী সংস্থাক অৰ্পন কৰা হৈছিল ৷ কিন্তু আশ্বৰ্যজনকভাৱে 2016 চনৰ পৰা বৰ্তমানলৈকে 60 শতাংশ কামো সম্পূৰ্ণ কৰিবলৈ সক্ষম হোৱা নাই সংস্থাটো ৷

বিশ্বনাথত নৱ নিৰ্মিত 15 নংৰাষ্ট্ৰীয় ঘাইপথত বৃহৎ ফাট

আনহাতে, বিভিন্ন সময়ত বিভিন্ন দল সংগঠনে এই লেহেমীয়া কামৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল যদিও কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ নিৰ্মানকাৰী সংস্থাটোৰ বিৰুদ্ধে ৷ ইয়াৰ মাজতে শেহতীয়াভাৱে পথটোৰ নিৰ্মীয়মান এটা অংশত বৃহৎ ফাট মেলিছে ৷ ইয়াকে লৈ সৰৱ হৈ পৰিছে স্থানীয় লোককে ধৰি দল সংগঠন ৷ নিৰ্মীয়মান অৱস্থাতে ফাট মেলা পথটোৰ নিৰ্মানৰ ক্ষেত্ৰত সংঘটিত হোৱা দুৰ্নীতিৰ উচিত তদন্তৰ দাবী উত্থাপন কৰিছে সচেতন মহলে ৷

লগতে পঢ়ক-বিলাসীপাৰাত সংঘটিত নাও দুৰ্ঘটনাত সন্ধানহীন যুৱক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.