ETV Bharat / state

পাৱাৰগ্ৰীড প্ৰকল্পৰ বাবে জীৱন-মৃত্যুৰ দোমোজাত ছাকেট আলি!

বৰ্তমান মৃত্যুৰ ক্ষণ গণিছে ছকেট আলিয়ে৷ কাৰণ ককালৰ তলত লগা গুলীৰ ইনফেকচনত ইতিমধ্যে দুয়োটা কিডনী বিকল হৈ পৰিছে ছাকেট আলিৰ৷ পৰ্যাপ্ত ধনৰ অভাৱত চিকিৎসাৰ পৰা বঞ্চিত হৈ আছে ছকেট ৷

পাৱাৰগ্ৰীড প্ৰকল্পৰ বাবে জীৱন-মৃত্যুৰ দোমোজাত ছাকেট আলি!
author img

By

Published : Jun 25, 2019, 6:28 PM IST

বিশ্বনাথ, 25 জুনঃ বিশ্বনাথত জীৱন মৃত্যুৰ সৈতে সংগ্ৰাম কৰিছে ছাকেট আলিয়ে ৷ দৰাচলতে ২০১৩ চনত বিশ্বনাথৰ বাঘমাৰীত পাৱাৰগ্ৰীড কৰ্তৃপক্ষই পাৱাৰগ্ৰীড নিৰ্মাণ কৰা সময়ত এটা পথক কেন্দ্ৰ কৰি প্ৰকল্পটোৰ কতৃপক্ষ আৰু স্থানীয় ৰাইজৰ মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল ৷ পৰৱৰ্তী সময়ত পৰিস্থিতি বিষম হৈ পৰাত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ গুলীচালনা কৰিবলগীয়া হয় ৷ আৰক্ষীৰ গুলীত আহত হয় নিৰীহ ছাকেট আলি ৷

পাৱাৰগ্ৰীড প্ৰকল্পৰ বাবে জীৱন-মৃত্যুৰ দোমোজাত ছাকেট আলি!

বৰ্তমান মৃত্যুৰ ক্ষণ গণিছে ছকেট আলিয়ে ৷ কাৰণ ককালৰ তলত লগা গুলীৰ ইনফেকচনত ইতিমধ্যে দুয়োটা কিডনী বিকল হৈ পৰিছে ছাকেট আলিৰ ৷ পৰ্যাপ্ত পৰিমাণৰ ধনৰ অভাৱত চিকিৎসাৰ পৰা বঞ্চিত হৈ আছে ছকেট ৷

আনহাতে চিকিৎসাৰ প্ৰতিশ্ৰুতি দি পূৰণ নকৰিলে পাৱাৰগ্ৰীড কতৃপক্ষই ৷ চৰকাৰ অথবা প্ৰশাসনে যদি সহায় নকৰে তেনেহ'লে ছাকেট আলিৰ লগতে শেষ হৈ যাব এটা পৰিয়াল ৷

Intro:as_biswanath_25_june_801_PowerGrid_vis+byte_scrpt_photo_as10018Body:as_biswanath_25_june_801_PowerGrid_vis+byte_scrpt_photo_as10018Conclusion:as_biswanath_25_june_801_PowerGrid_vis+byte_scrpt_photo_as10018

Acor_
বিশ্বনাথত জীৱন মৃত্যুৰ সৈতে তুমুল সংঘৰ্ষ এজন দুৰ্ভগীয়াৰ
পাৱাৰগ্ৰীড প্ৰকল্পৰ বাবেই এই অৱস্হা

Vo_1

জীৱন মৃত্যুৰ তুমুল সংঘৰ্ষ কৰিবলগীয়া হৈছে বিশ্বনাথৰ এজন লোকে। এই লোকজনৰ নাম চাকেট আলি। ঘৰ বিশ্বনাথৰ বাঘমাৰীত। দৰাচলতে ২০১৩ চনত বিশ্বনাথৰ বাঘমাৰীত পাৱাৰগ্ৰীড কৰ্তৃপক্ষই নিৰ্মাণ কৰিছিল বৃহৎ পাৱাৰগ্ৰীড প্ৰকল্প। সেই সময়ত স্থানীয় ৰাইজ আৰু পাৱাৰ গ্ৰীড কৰ্তৃপক্ষৰ সৈতে এটা পথক কেন্দ্ৰ কৰি হৈছিল আন্দোলন আৰু সেই পৰিস্হিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে গুলীচালনা কৰিবলগীয়া হৈছিল। সেইদিনা উক্ত অঞ্চলত বসবাস কৰা চাকেত আলিৰ জীবনলৈ নামি আহিছিল কাল অমানিশা | চাকেট আলি পুৱা ঘৰৰ পৰা হুলস্হূল শুনি দাত মজি মজি ওলাই আহিছিল ঘৰৰ পদুলি মুখৰ পথটোলৈ। কিন্তু নিৰিহ চাকেট আলিৰ বাবে ঘৰৰ পৰা পদুলি মূখত ওলাই অহাটোয়েই যেন কাল হল।স্থানীয় লোক আৰু পাৱৰাৰগ্ৰীড কতৃপক্ষৰ মাজত হোৱা উত্তেজনা ৰোধ কৰিবলৈ আৰক্ষী বাহিনীয়ে চলোৱা গুলী আহি সোমাল চাকেট আলি ককালৰ তলত।চাকেট আলি অচেতন হৈ পৰি ৰল সেই স্থানত। লগে লগে স্থানীয় লোকে দৰিদ্ৰ চাকেট আলিক চিকিৎসা কৰাই যদিও চাকেটৰ উন্নত চিকিৎসাৰ বাবে প্ৰয়োজন মোটা ধনৰ। ইফালে এই ঘটনা হোৱাৰ পিছত পৰিস্হিতি আৰু অধিক উত্তপ্ত হৈছিল যদিও পাৱাৰ গ্ৰীড কতৃপক্ষই পৰিস্হিতি ক্ষান্ত কৰাৰ বাবে চাকেট আলিৰ চিকিৎসাৰ বাবে সম্পূৰ্ণ দায়িত্ব গ্ৰহন কৰাৰ কথা ঘোষনা কৰিলে যদিও কেৱল ২৫ হাজাৰ টকা প্ৰদান কৰিয়েই দায়িত্ব সামৰিলে পাৱাৰগ্ৰীড কতৃপক্ষই।পৰবৰ্ত্তী সময়ত ছাকেট আলিৰ অৱস্থাৰ অধিক অৱনতি ঘটিল।যাৰ বাবে স্থানীয় লোকে পাৱাৰ গ্ৰীড কতৃপক্ষক ছাকেট আলিৰ উন্নত চিকিৎসাৰ বাবে ব্যবস্থা গ্ৰহন কৰাৰ কাকুতি মিনতি কৰিলে যদিও পাৱাৰগ্ৰীড কতৃপক্ষই কোনো ধৰনৰ চিকিৎসাৰ দায়িত্ব বহন নকৰিলে।অৱশেষত স্থানীয় ৰাইজে উপায়ন্তৰ হৈ গাওঁবাসীৰ পৰা চান্দা তুলি চিকিৎসা কৰায় যদিও ছাকেট আলি সুস্থ নহল।ক্ৰমান্বয়ে ছাকেট আলি অধিক অসুস্হ হৈ বৰ্তমান মৃত্যুৰ ক্ষন গনিছে।কাৰণ ছাকেট আলিৰ ককালৰ তলত লগা গুলীৰ ইনফেকচন হৈ দুয়োটা কিডনী বিকল হৈ পৰিছে।আনকি বৰ্তমান ছাকেট আলিয়ে প্ৰস্বাৱ নলিত এইদৰে পাইপ লগাব লগিয়া হৈছে। ইফালে ছাকেট আলিৰ ঘৰত আছে পত্নীসহ দুটাকৈ কন কন শিশু।ঘৰখনৰ একমাত্ৰ উপাৰ্জন কৰ্তাৰ এনে শোচনীয় অবস্হা হোৱাৰ বাবে পৰিয়ালটো খুজি মাগি জীবন পাৰ কৰিব লগিয়া হৈছে। ইফালে আকৌ পৰিয়ালটোৰ মূল মানুহ জন জীৱন মৃত্যুৰ ক্ষন গনিছে।

Byte:ছাকেট আলি
Byte:স্থানীয় লোক

কেৱল মাত্ৰ পাৱাৰগ্ৰীড কতৃপক্ষৰ দায়ীত্বহীনতা আৰু প্ৰবঞ্চনাৰ বাবে সকলোৰে চকুৰ সন্মূখত এটা জীবনৰ সৈতে সম্পূৰ্ণ পৰিয়ালটো ধংসৰ গৰাহলৈ আগবাঢ়ি গৈছে।এতিয়া চৰকাৰ অথবা প্ৰশাসনেহে পাৰিব পৰিয়ালটোৰ জীবনলৈ সুখ উভতাই আনিবলৈ যদিহে চৰকাৰ অথবা প্ৰশাসনে পাৱাৰগ্ৰীড কতৃপক্ষক বাধ্য কৰাব পাৰে নিজৰ প্ৰতিশ্ৰুতি পুৰন কৰিবলৈ। অন্যথা ছাকেট আলিৰ লগত সম্পূৰ্ণ পৰিয়ালটোও যে ধংস হৈ যাব সেইয়া নিশ্চিত ।

বিশ্বনাথ পৰা শ্ৰীমন্ত দাস
ই টিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.