ETV Bharat / state

ISC পৰীক্ষাৰ শীৰ্ষ স্থানত উজ্বলিল অসমৰ ছাত্ৰী

ব’ৰ্ড অৱ ইণ্ডিয়ান স্কুল চাৰ্টিফিকেট (ISC)ৰ দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত শীৰ্ষ স্থান লাভ বিশ্বনাথৰ অস্মিতা কাকতি (Ashmita Kakati) ৰ ৷ কলা শাখা (Arts Stream) ত শীৰ্ষ স্থান লাভ কৰিবলৈ সক্ষম হৈছে অস্মিতাই ৷

biswanath-girl-has-grabbed-the-first-position-in-the-isc-exam
ISC পৰীক্ষাৰ শীৰ্ষত অসমৰ ছাত্ৰী
author img

By

Published : Jul 26, 2021, 3:36 PM IST

Updated : Jul 26, 2021, 4:40 PM IST

নিউজ ডেস্ক, 26 জুলাই : দেওবাৰে ঘোষণা হ’ল কাউঞ্চিল ফ’ৰ দ্যা ইণ্ডিয়ান স্কুল চাৰ্টিফিকেট এক্সামিনেশ্যন চমুকৈ CISCE ৰ ফলাফল ৷ এই পৰিষদৰ অন্তৰ্গত ব’ৰ্ড অৱ ইণ্ডিয়ান স্কুল চাৰ্টিফিকেট (ISC) ৰ দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হৈছে অসমৰ এগৰাকী ছাত্ৰীয়ে ৷ বিশ্বনাথ জিলা (Biswanath District) ৰ নিৱাসী অস্মিতা কাকতি (Ashmita Kakati)ই কলা শাখা (Arts Stream) ত শীৰ্ষ স্থান লাভ কৰা বুলি জানিব পৰা গৈছে ৷

শোণিতপুৰ জিলাৰ বালিপৰাৰ আছাম ভেলী স্কুল (Assam Valley School) ৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈ হিউমেনিটিজ (Humanities)ত 99.95 শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হয় মেধাৱী ছাত্ৰীগৰাকীয়ে ৷ অস্মিতাই ইতিহাস (History) বিষয়ত 100, মনোবিজ্ঞান (Psychology)ত 100, সমাজ বিজ্ঞান (Social Science)ত 100, ইংৰাজী (English)ত 99 আৰু ৰাজনীতি বিজ্ঞান (Political Science) বিষয়ত 95 নম্বৰ লাভ কৰে ৷ বিগত বৰ্ষত পৰিষদৰ অন্তৰ্গত ICSEৰ দশম শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা 2.07 লাখ পৰীক্ষাৰ্থীৰ ভিতৰত মুঠ 2.06 লাখ পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছিল ৷

2020 বৰ্ষত উত্তীৰ্ণৰ হাৰ আছিল 99.33 শতাংশ ৷

লগতে পঢ়ক : কৰিমগঞ্জ শ্ৰীগৌৰী সামূহিক চিকিৎসালয়ত উত্তেজনা

Last Updated : Jul 26, 2021, 4:40 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.