ETV Bharat / state

ক’ভিড-19: বিশ্বনাথ জিলা প্ৰশাসনৰ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ

ক’ভিড -19 ৰ বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বিশ্বনাথ জিলা প্ৰশাসনৰ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ ৷ আপাতকালীন পৰিস্থিতিৰ মুখামুখি হোৱাৰ উদ্দেশ্যে জিলা প্ৰশাসনৰ প্ৰস্তুতিৰ বুজ ল'বলৈ বৈঠকৰ আহ্বান ৷ স্বাস্থ্য বিভাগৰ দ্বাৰা প্ৰতিদিনে অতি কমেও 1000 গৰাকীক ক’ভিড পৰীক্ষা কৰোৱাৰ লক্ষ্য প্ৰশাসনৰ ৷

author img

By

Published : Apr 7, 2021, 10:16 PM IST

biswanath district administration takes precautionary measure in view of covid 19
ক’ভিড-19 : বিশ্বনাথ জিলা প্ৰশাসনৰ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ

বিশ্বনাথ,7 এপ্ৰিল: দেশৰ কেবাখনো ৰাজ্যত ক’ভিড -19 ৰ বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বিশ্বনাথ জিলা প্ৰশাসনে কেবাটাও সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ৷ যিকোনো ধৰণৰ আপাতকালীন পৰিস্থিতিৰ মুখামুখি হোৱাৰ উদ্দেশ্যে জিলা প্ৰশাসন কেনেদৰে সাজু হৈছে তাক চালি-জাৰি চাবৰ বাবে বুধবাৰে বিশ্বনাথৰ জিলা উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মাই কাৰ্যালয়ৰ সভাকক্ষত এখন উচ্চস্তৰীয় বৈঠকৰ আহ্বান কৰে ।

সতৰ্কতামূলক ব্যৱস্থাস্বৰূপে প্ৰশাসনে ইতিমধ্যে বিশ্বনাথ জিলাৰ সকলো ৰাজহুৱা স্থান, ব্যৱসায়িক প্ৰতিস্থান, শিক্ষানুস্থান, চৰকাৰী আৰু বেচৰকাৰী সকলো কাৰ্যালয়তে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰিছে । প্ৰতিজন লোককে সামাজিক দূৰত্ব বজাই ৰাখিবলৈ আহ্বান জনোৱাৰ লগতে উপায়ুক্ত গৰাকীয়ে স্বাস্থ্য বিভাগৰ দ্বাৰা প্ৰতিদিনে অতি কমেও 1000 গৰাকীক ক’ভিড পৰীক্ষা কৰোৱাৰ লক্ষ্য স্থিৰ কৰি লৈছে । বাছ বা ৰে’লেৰে অন্য ঠাইৰ পৰা আহি জিলাখনত উপস্থিত হোৱা প্ৰতিজন যাত্ৰীক পৰীক্ষা কৰাটো বাধ্যতামূলক কৰা হৈছে ।

biswanath district administration takes precautionary measure in view of covid 19
স্বাস্থ্য বিভাগৰ দ্বাৰা প্ৰতিদিনে অতি কমেও 1000 গৰাকীক ক’ভিড পৰীক্ষা কৰোৱাৰ লক্ষ্য

উল্লেখ্য যে, বৃহস্পতিবাৰৰ পৰা জিলাখনত থকা শিক্ষানুস্থান সমূহৰ ছাত্ৰ-ছাত্ৰী নিবাসৰ প্ৰতি গৰাকী আৱাসীৰ ক’ভিড পৰীক্ষা কৰোৱা হ'ব ৷ লগতে ক’ভিডৰ বাবে গঢ়ি তোলা প্ৰত্যেক খণ্ড, থানা আৰু জিলা কমিটিক তাৎক্ষণিকভাৱে সক্ৰিয় আৰু সাজু কৰি তোলা হ’ব । এই সন্দৰ্ভত জিলা উপায়ুক্ত গৰাকীয়ে কয় যে, "যদিও বিশ্বনাথ জিলাত বৰ্তমান পৰিস্থিতি স্বাভাৱিক হৈ আছে, অসমৰ বাহিৰত ক'ভিড-19 ৰ সংক্ৰমণৰ বৃদ্ধি হৈ থকা সংখ্যাৰ প্ৰতি গুৰুত্ব দি আমি সাৱধান হৈ নিজকে সাজু কৰি ৰাখিব লাগিব । আমি প্ৰথমতেই যিকোনো মূল্যৰ বিনিময়ত ভাইৰাছ নিবিয়পিবলৈ আৰম্ভণিতেই পৰীক্ষাসমূহ কৰাই ক’ভিড পজিটিভ পোৱা ৰোগীক আছুতীয়াকৈ ৰখাটোত অগ্ৰাধিকাৰ দিব লাগিব । ইয়াৰ লগতে আমি ভেকচিন প্ৰদান কাৰ্যসূচীও ক্ষীপ্ৰতৰ কৰাত গুৰুত্ব দিছো" ৷

আপাতকালীন পৰিস্থিতিৰ মুখামুখি হোৱাৰ উদ্দেশ্যে জিলা প্ৰশাসনৰ প্ৰস্তুতিৰ বুজ ল'বলৈ বৈঠকৰ আহ্বান

বুধবাৰৰ বৈঠকখনত আৰক্ষী অধীক্ষক ৰাজেন সিং, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ৰঞ্জিত স্বৰ্গীয়াৰী, গহপুৰৰ মহকুমাধিপতি আদিত্য বিক্ৰম যাদৱ, অতিৰিক্ত জিলা উপায়ুক্ত ক্ৰমে মিফতাহ উদ্দিন আহমেদ, লিজা তালুকদাৰ, ড৹ সূৰ্যকমল বৰাৰ লগতে জিলা প্ৰশাসনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত থাকে ।

লগতে পঢ়ক: ৰঙাপৰাত 117 গৰাকী শিক্ষাৰ্থীৰ বিপৰীতে 2 গৰাকী শিক্ষক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.