ETV Bharat / state

এটি টেলিফ'নিক বাৰ্তালাপে হাহাকাৰ লগাইছে স্বাস্থ্য বিভাগত

author img

By

Published : Aug 5, 2020, 8:13 PM IST

ভাইৰেল হৈ পৰা এটা টেলিফ'নিক বাৰ্তালাপে খলকনি লগাইছে ৰাজ্যৰ স্বাস্থ্য বিভাগত ৷ এই ভাইৰেল অডিঅ’ত প্ৰকাশ পাইছে ক’ভিড ৱাৰ্ডৰ কেতবোৰ নগ্ন সত্য ৷

বিশ্বনাথত নৱজাতকক শুৱালে ক’ভিড ৰোগীৰ বিচনাত

বিশ্বনাথ, 4 আগষ্টঃ গৰাকী ক’ভিড পজিটিভ প্ৰসুতিয়ে সন্তান প্ৰসৱ কৰাৰ পিছতে বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ৰ ক’ভিড ৱাৰ্ডৰ বহু কথা পোহৰলৈ আহিছে ৷ ক’ভিড ৱাৰ্ডত থকা এগৰাকী ক’ভিড ৰোগীৰ ভাইৰেল হৈ পৰা এটি টেলিফ'নিক বাৰ্তালাপে চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ ৰাজ্যত ৷

ভাইৰেল হৈ পৰা টেলিফ'নিক বাৰ্তালাপটোৰ অভিযোগ অনুসৰি বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ৰ ক’ভিড ৱাৰ্ডত চিকিৎসাধীন হৈ থকা বিশ্বনাথ জিলাৰ দিকৰাইৰ খৃষ্টানবষ্টীৰ ক’ভিড পজিটিভ প্ৰিয়া গোৱালা নামৰ 21 বছৰীয়া মহিলা গৰাকীয়ে বুধবাৰে পুৱা জন্ম দিয়ে এটি কন্যা সন্তান ৷ কিন্তু সন্তান প্ৰসৱৰ সময়ত নাছিল চিকিৎসক অথবা নাৰ্ছ ৷ আনকি প্ৰসৱ হোৱাৰ 20 মিনিট পৰ্যন্ত তেজৰে লুটুৰি-পুটুৰি হৈ মাকৰ লগতে পৰি আছিল নৱজাতকটি ৷ 20 মিনিটৰ পিছত উপস্থিত হোৱা নাৰ্চে কাষতে থকা ক’ভিড ৰোগীৰ বিচনাত শুৱাই দিছিল নৱজাতকটিক আৰু প্ৰায় ডেৰ ঘন্টাৰ পিছতহে কভিড ৱাৰ্ডটোত উপস্থিত হয় চিকিৎসক ৷ নৱজাতকটিৰ স্বোৱা সংগ্ৰহ কৰি পৰীক্ষা কৰিব লাগিছিল যদিও বৰ্তমানলৈকে লোৱা নাই কোনো ব্যৱস্থা ৷ উল্লেখ্য যে, সোমবাৰে ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকেশ্বৰ বৰা নামৰ ব্যক্তিগৰাকীৰ জীয়ৰী নৱমল্লিকা বৰাৰ এই টেলিফোনিক বাৰ্তাই পোহৰলৈ আনিছে ৰাজ্য স্বাস্থ্য বিভাগৰ ফোফোলা স্বৰূপ ৷ এতিয়া তোলপাৰ লগাইছে স্বাস্থ্য বিভাগত ৷

আনকি একেটা ক’ভিড ৱাৰ্ডতে থকা প্ৰয়াত লোকেশ্বৰ বৰাৰ পত্নী আৰু জীয়ৰীৰ অভিযোগ তেজপুৰ মেডিকেল কলেজ আৰু গুৱাহাটী মেডিকেল কলেজত ICU খালী নথকাৰ বাবেই লোকেশ্বৰ বৰাৰ মৃত্যু হ’ল ৷ লগতে বৰাৰ জীয়ৰী নৱমল্লিকা নামৰ মহিলা গৰাকীৰ অভিযোগ, বিশ্বনাথ চাৰিআলিৰ ক’ভিড ৱাৰ্ডত লোকেশ্বৰ বৰাক চিকিৎসা প্ৰদান কৰোতে কৰা হৈছিল গাফিলতি ৷ অস্কিজেন চিলিণ্ডাৰ লগাবলৈয়ো ক’ভিড ৱাৰ্ডলৈ নাহে চিকিৎসাকৰ্মী ৷ জীয়ৰী নৱমল্লিকাই টানি টানি নি পিতৃক দিব লগা হৈছিল অস্কিজেন ৷

ভাইৰেল হৈ পৰা টেলিফোনিক বাৰ্তালোপটোত শুনা যায় যে, চেনিটাইজাৰ, ঔষধ আদি যোগান ধৰা নাছিল পৰ্যাপ্ত পৰিমানে৷ তদুপৰি সময়মতে ঔষধ খাবলৈও নাৰ্ছক খাটনি কৰিব লগা হয় ক’ভিডত আক্ৰান্ত সকলে ৷

জীয়াই থাকিবলৈ বহু ইচ্ছা থকাৰ পিছতো একমাত্ৰ স্বাস্থ্য বিভাগৰ চৰম গাফিলতিৰ বাবেই লোকেশ্বৰ বৰাই মৃত্যুক সাৱটি লোৱা বুলি অভিযোগ কৰা পৰা জীয়ৰী নবমল্লিকাই এতিয়া ইয়াৰ এক উচিত তদন্ত বিচাৰিছে আৰু এই কথা এক সংবাদমেল যোগে জানিবলৈ দিছে প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ সঞ্জু বৰুৱাই ৷

ইফালে কংগ্ৰেছ নেতা সঞ্জু বৰুৱাই ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিযুষ হাজৰিকালৈ এই বিষয়ে জনাবলৈ ফোন কৰিছিল যদিও মন্ত্ৰীজনে ফোন ৰিচিভ নকৰিলে বুলি জানিবলৈ দিছে সঞ্জু বৰুৱাই ৷

লগতে পঢ়কঃ কৰীণাৰ ওপৰত খং উজাৰি কংগনাই ক'লে, "আপোনালোক সকলোৱে বলীউডক বুলীউড কৰি পেলালে"

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.