ETV Bharat / state

বিশ্বনাথ চাৰিআলিৰ পাভৈত চড়ক মেলা উদযাপন

author img

By

Published : Apr 15, 2021, 1:21 PM IST

বিশ্বনাথ চাৰিআলিৰ পাভৈত উদযাপন চড়ক মেলা ৷ চড়ক পূজাৰ মেলা উপলক্ষে একাংশ ভক্তই ভিৰ কৰে মৰব থানৰ শিৱ মন্দিৰ ৷ ভক্তই গাত লোৰ শলাৰে ডিঙি, জিভা, পিঠি ফুটাই পূজাৰ বিধি পালন কৰে ৷

বিশ্বনাথ চাৰিআলিৰ পাভৈত চড়ক মেলা উদযাপন
বিশ্বনাথ চাৰিআলিৰ পাভৈত চড়ক মেলা উদযাপন

বিশ্বনাথ, ১৫ এপ্ৰিল: গৰু বিহুৰ দিনা সমগ্ৰ ৰাজ্য়ত উখল-মাখল পৰিবেশ, তাৰ সমান্তৰালভাৱে বিশ্বনাথ পাভৈত চড়ক মেলা উপলক্ষে একাংশ ভক্তই ভিৰ কৰে ৷ অসমৰ বিভিন্ন প্ৰান্তত চড়ক পূজা চ’ত মাহৰ সংক্ৰান্তিৰ পৰা উদযাপন হোৱাৰ দৰে বিশ্বনাথটো সকলো আধ্যাত্মিক নীতি-নিয়মেৰে উদযাপন কৰে ৷ একাংশ ভক্তই লোৰ শলাৰে ডিঙি, জিভা, পিঠি ফুটাই পাভৈ পাচঁআলিৰ মাজেৰে শোভাযাত্ৰা কৰে ৷ শোভাযাত্ৰা শেষ কৰি মৰব থানৰ শিৱ মন্দিৰত অৰ্চনা কৰাৰ পিছত লোৰ শলা খুলি নীতি নিয়ম কৰে ভক্তবৃন্দই ৷

উল্লেখ্য যে প্ৰায় 15 দিন উপবাসে থকাৰ পিছত পাভৈ নদীৰ পানীযুৱলিত লোৰ শলাৰে ডিঙি, জিভা, পিঠি ফুটোৱা শিহৰণকাৰী অলৌকিক দৃশ্য চাবলৈ অঞ্চলটোৰ ৰাইজৰ সমাগম ঘটে ৷ চড়ক পূজাৰ দ্বাৰা বতাহ, ধুমুহা, শিলাবৃষ্টি, বজ্ৰপাত, অসূয়া-অশান্তিৰ পৰা পৰিত্ৰাণ পাব পাৰি বুলি লোকবিশ্বাস সেয়েহে উপবাসৰ অন্তত ভক্তসকলে বছৰটোৰ কাৰণে মংগল হোৱাৰ বিশ্বাসতে পূজাৰ নীতি নিয়ম অনুযায়ী পালন কৰে ৷ এই পূজা উপলক্ষে পাভৈত এখন মেলা অনুষ্ঠিত হয় ৷
লগতে পঢ়ক: অভিযাত্ৰীৰ উদ্যোগত নাওবৈচাত মুকলি বিহু উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.