বিশ্বনাথ , ২৪ জানুৱাৰী : ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম আগমনৰ দিনটোতে সমগ্র ৰাজ্যৰ লগতে সদৌ বিশ্বনাথ জিলা ছাত্ৰ সন্থাই বিশ্বনাথ চাৰিআলিৰ শ্বহীদ ভৱনৰ সন্মুখত প্ৰতিবাদ সাব্য়স্ত কৰে । বিশ্বনাথ চাৰিআলি আঞ্চলিক ছাত্ৰ সন্থাই দেওবাৰৰ দিনটো ক'লা দিৱস হিচাপে পালন কৰা লগতে ক'লা পতাকা উত্তোলন কৰে আৰু কা'ৰ প্ৰতিলিপি দাহ কৰে । সমান্তৰালকৈ কা' বাতিল, ইআইএ বাতিল ,অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণ আৰু অসম চুক্তি অনুসৰি জলন্ত বিদেশী সমস্যা সমাধানৰ দাবীত বিশ্বনাথ আছুৱে প্ৰতিবাদ সাব্য়স্ত কৰে । উক্ত কাৰ্যসূচীত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিবাহক সদস্য ৰূপম দাস, বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ সভাপতি বিক্ৰম বিকাশ বৰাকে ধৰি কেইবগৰাকী আছুৰ শীৰ্ষ নেতা ।
আছুৰ বিষয়া ববীয়া সকলে ৰাজ্য় তথা কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্য়স্ত কৰাৰ পিছতে বিশ্বনাথ আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক আটক কৰি থানালৈ যায় । আৰক্ষীৰ এই কাৰ্যকো আছুৰ লগতে একাংশ লোকে তীব্ৰ ভাষাৰে গৰিহণা দিয়ে । ইফালে আৰক্ষীয়ে যিমানে কঠোৰ নহওক কিয় আছুৱে কা কেতিয়াও নামানে বুলিও হুংকাৰ দিয়ে আছু কৰ্মীসকলে ।
লগতে পঢ়ক :'কা' বাতিলৰ দাবীৰে লখিমপুৰত আছুৰ ক’লা পতাকা উত্তোলন