বিশ্বনাথ,3 আগষ্টঃ বিশ্বনাথৰ এটি 5 বছৰীয়া শিশুৰ বিশেষ প্ৰতিভা ৷ বীৰ প্ৰতাপ পেগু নামৰ শিশুটিয়ে 3 মিনিট 15 চেকেণ্ডত একেৰাহে 4শ 50মিটাৰ সাঁতুৰিব পাৰে ৷
বিশ্বনাথ জিলা গহপুৰ মহকুমাৰ ৰজাবাৰী 2নং চকলা গাৱঁৰ জিলিকান্ত পেগু আৰু নিজুমণি পেগুৰ সন্তান বীৰ প্ৰতাপ পেগু বৰ্তমান KG 2ৰ ছাত্ৰ ৷ বীৰ প্ৰতাপ পেগুয়ে 3 বছৰ বয়সৰ পৰাই পানীত খেলি ভাল পাইছিল আৰু তেতিয়াই পৰাই শিশুটোৱে ঘৰৰ কাষতে থকা পুখুৰী আৰু নদীত সাঁতুৰিবলৈ আৰম্ভ কৰে ।
সন্তানৰ সাঁতুৰাৰ চখ দেখি পিতৃয়ে ঘৰৰ কাষতে থকা পুখুৰীত শিশুটিক নিজেই প্ৰশিক্ষণ দিবলৈ আৰম্ভ কৰে ।
ইফালে গহপুৰত হোৱা তৃতীয়টো বানত সমগ্ৰ গহপুৰ দক্ষিণ অঞ্চলৰ লগতে বীৰ প্ৰতাপ পেগুৰ ঘৰৰ কাষতে পানীত উঠিল । সেই সময়তে গাঁৱৰ সচেতন যুৱক দিপেন কামানে কেইজমান যুৱকৰ সহযোগত নদীৰ পানীত বীৰ প্ৰতাপ পেগুক সাঁতুৰৰ পৰীক্ষণ দিয়ে ৷ এই পৰীক্ষণত বীৰ প্ৰতাপ পেগুয়ে 3 মিনিট 15 চেকেণ্ডত একেৰাহে 4 শ 50 মিটাৰ সাঁতুৰি চমক সৃষ্টি কৰে ৷ বৰ্তমান গহপুৰ অমিৰাজ পেগুৰ নেতৃত্বত সাঁতুৰ শিকি আছে বীৰ প্ৰতাপ পেগুয়ে ৷ বীৰ প্ৰতাপৰ প্ৰতিভা দেখি দৰিদ্ৰ পিতৃয়ে Swimming pool থকা এখন বিদ্যালয়ত পুত্ৰৰ প্ৰশিক্ষণ দিবলৈ বিচাৰে যদিও টকাৰ অভাৱৰ বাবে এয়া সম্ভৱ হৈ উঠা নাই ৷ পিতৃৰ বিশ্বাস বীৰ প্ৰতাপ পেগুয়ে উন্নত প্ৰশিক্ষণ পালে ভৱিষ্যতে এদিন অসম থকা ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ'ব ৷ সেয়ে পুত্ৰৰ উন্নত প্ৰশিক্ষণৰ বাবে চৰকাৰৰ সহায় কামনা কৰিছে বীৰ প্ৰতাপ পেগুৰ দৰিদ্ৰ পিতৃয়ে ৷
লগতে পঢ়কঃৰাম মন্দিৰৰ আৰ্হিত নিৰ্মাণ হ’ব অযোধ্যা ৰে’লৱে ষ্টেচন