বিশ্বনাথ, ২৯ জুন : সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত (HS exam result 2022) কলা শাখাত অসমৰ ভিতৰতে তৃতীয় স্থান লাভ কৰি বিশ্বনাথ জিলালৈ গৌৰৱ কঢ়িয়াই অনা বিশ্বনাথ জিলাৰ মেধাৱী ছাত্ৰ নিলয় কুৰ্মীক বুধবাৰে বিশ্বনাথ জিলা প্ৰশাসনে অভিনন্দন জ্ঞাপন কৰে (Bishwanath district administration congratulated Niloy Kurmi) ।
বিশ্বনাথ জিলাৰ সহকাৰী আয়ুক্তদ্বয় অনন্যা লহকৰ আৰু কংকনা শইকীয়াই বুধবাৰে বিয়লি কৃৰ্তী ছাত্ৰ নিলয় কুৰ্মীক বিশ্বনাথ চাৰিআলিৰ সূৰ্যপুৰ বালিপুখুৰীস্থিত বাসগৃহত গৈ শৰাই আৰু গামোচাৰে বিশ্বনাথ জিলা প্ৰশাসনৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰে ৷ উল্লেখ্য যে, নগাঁৱৰ ৰামানুজন জুনিয়ৰ কলেজৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল নিলয় কুৰ্মী ৷
লগতে পঢ়ক : উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফলত ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ সৰ্বাধিক
ছাত্ৰ নিলয় কুৰ্মীয়ে উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সৰ্বমুঠ ৪৮৩ নম্বৰেৰে অসমৰ ভিতৰত তৃতীয় স্থান (কলা শাখা) লাভ কৰি গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় । বিশ্বনাথ জিলাক গৌৰৱান্বিত কৰা মেধাৱী ছাত্ৰ নিলয়ে ভৱিষ্যতে মাচ্ কমিউনিকেশ্যন অধ্যয়ন কৰাৰ প্ৰবল ইচ্ছা মনতে পুহি ৰাখিছে ৷
সদ্যহতে ইংৰাজী বিষয়ত মেজৰ লৈ অধ্যয়ন কৰিব বুলি জানিবলৈ দিছে কৃৰ্তী ছাত্ৰ নিলয়ে । বিশ্বনাথ জিলাৰ সূৰ্যপুৰ, বালিপুখুৰীস্থিত নিবাসী নৱজ্যোতি কুৰ্মী আৰু ৰুমী কুৰ্মীৰ পুত্ৰ তথা মেধাৱী ছাত্ৰ নিলয়ৰ এই সফলতাত জিলাবাসী বাৰুকৈয়ে উৎফুল্লিত হৈ পৰিছে ৷ যাৰ বাবে নিলয়ক আন্তৰিক অভিনন্দন জ্ঞাপন কৰাৰ লগতে ভৱিষ্যতে যেন তেওঁ শৈক্ষিক ক্ষেত্ৰখনত সফলতাৰে আগুৱাই যাব পাৰে তাৰেই কামনা কৰিছে সকলো শুভাকাংখীয়ে ।
লগতে পঢ়ক : HS Result 2022: দাৰিদ্ৰতাক নেওচি মৰাণত ইলোৰা বাইলুঙৰ সাফল্য