বিশ্বনাথ, 8 জুলাইঃ দেওবাৰে পুৱতি নিশা বিশ্বনাথৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ পৰা বিভিন্ন দল সংগঠনৰ তৎপৰতাত বিশ্বনাথ আৰক্ষীয়ে অৰুণাচলী সুৰা ভৰ্তি তিনিখনকৈ ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় ৷ জানিব পৰা মতে ট্ৰাক তিনিখনত প্ৰায় ৪৫শ কাৰ্টন অৰুণাচলী সুৰা লৈ আহিছিল ৷ পিচত বিশ্বনাথ আৰক্ষীয়ে আৱকাৰী বিভাগক গতাই দিয়ে সুৰাভৰ্তি ট্ৰাককেইখন ৷
উল্লেখ্য যে একাংশ দল সংগঠনৰ অভিযোগ অনুসৰি বিশ্বনাথ আৰক্ষীয়ে সুৰা ভৰ্তি ট্ৰাককেইখন জব্দ কৰিছিল যদিও সোমবাৰে দিনৰ ভাগত বিশ্বনাথৰ এটা আৱকাৰী দল উপস্থিত হৈ নথি পত্ৰ পৰীক্ষা কৰি পুনৰ সুৰা ভৰ্তি ট্ৰাক তিনি খন এৰি দিয়াত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বিশ্বনাথত ৷