ETV Bharat / state

বিহালীৰ দক্ষিণ ৰাংছালিত ৰঙালী বিহু উদযাপনৰ প্ৰস্তুতি - ৰঙালী বিহু

ৰাজ্যত বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি অব্যাহত থকাৰ সমান্তৰালকৈ ৰঙালী বিহু উদযাপনৰ প্ৰস্তুতি চলিছে । বিহু সমিতিসমূহে বাপতি সাহোন বিহুটি উলহ-মালহেৰে পালন কৰাৰ বাবে পৰিকল্পনা যুগুত কৰিছে । বুধবাৰে বিহালীৰ দক্ষিণ ৰাংছালিত ৩০ সংখ্যক ৰঙালী বিহু উদযাপন সমিতি গঠন কৰা হয় ।

দক্ষিণ ৰাংছালিত ৩০ সংখ্যক ৰঙালী বিহু উদযাপন সমিতি গঠন

author img

By

Published : Mar 24, 2021, 7:24 PM IST

বিশ্বনাথ,২৪ মাৰ্চ: বিগত বৰ্ষত কৰ'ণা মহামাৰীয়ে ৰঙালী বিহুৰ আনন্দ কিছু পৰিমাণে ম্লান কৰিছিল যদিও এইবাৰ পুনৰ মৰমৰ বিহুটিক লৈ ৰাজ্যবাসীৰ মাজত পাৰভঙা উছাহ দেখা গৈছে । বিধানসভা নিৰ্বাচনে বৰ্তমান ৰাজ্যত পৃথক পৰিৱেশৰ সূচনা কৰিছে । তথাপিও ৰাজনৈতিক মতাদৰ্শক একাষৰীয়া কৰি ৰঙালী বিহু উদযাপনৰ বাবে সাজু হৈছে অসমবাসী ।

বুধবাৰে বিশ্বনাথ জিলাৰ বিহালীৰ দক্ষিণ ৰাংছালি খেলপথাৰত দ্বীপজ্যোতি ক্ৰীড়া সংঘৰ উদ্যোগত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয় । শ্ৰীমন্ত দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাত ৰঙালী বিহু উদযাপনৰ বাবে এখন সমিতি গঠন কৰা হয় । দক্ষিণ ৰাংছালি খেলপথাৰত দুদিনীয়া কাৰ্যসূচীৰে ৩০ সংখ্যক ৰঙালী বিহু উদযাপন কৰা হ'ব । টুলটুল দাসে উদ্দেশ্য বাখ্যা কৰা সভাখনত বিহুৰ কাৰ্যসূচী সন্দৰ্ভত মন্তব্য আগবঢ়াই ৰতন দাস, পুতু বণিয়া, সৌৰভ দাস, জোন দাস, পাপু দাস, টিকেনজিত দাসৰ লগতে অঞ্চলটোৰ কেইবাজনো যুৱকে ।

সৰ্বসন্মতিমৰ্মে এই সভাতে ৩০ সংখ্যক ৰঙালী বিহু উদযাপন সমিতি গঠন কৰা হয় । শ্ৰীমন্ত দাসক সভাপতি, টিকেন হাজৰিকা, উদয় দাস, দুলকান্ত বৰুৱাক উপ-সভাপতি, টুলটুল দাসক সাধাৰণ সম্পাদক, যাদৱ দাস, ৰুহিণী বণিয়া, কৃষ্ণদেৱ বৰুৱাক সহকাৰী সম্পাদক, ইন্দ্ৰজিত দাস, নীলমণি দাস, উজ্জল দাস, গিৰীণ দাস, উৎপল দাসক কাৰ্যকৰী সভাপতিৰ দায়িত্ব অৰ্পণ কৰা হয় ।

লগতে আলোচনী সমিতিখনৰ সভাপতিৰ দায়িত্ব ন্যস্ত কৰা হয় শ্ৰীমন্ত দাসক আৰু সম্পাদকৰ দায়িত্ব দিগন্ত কুমাৰ দাসক, উপ-সভাপতিৰ দায়িত্ব ভূৱন লুইটেইলক অৰ্পণ কৰা হয় । প্ৰচাৰ সমিতিৰ বাবে খগেন মটকক সভাপতি, অম্লান কাশ্যপক সম্পাদক, প্ৰলাশ প্ৰিম সদস্য হিচাপে নিৰ্বাচিত কৰা হয় । মুঠ ৫১ জন সদস্যৰে উদযাপন সমিতিখন গঠন কৰা হয় ।

লগতে পঢ়ক: নিৰ্বাচনৰ মাজতে সাপেখাতীত ৰঙালী বিহুৰ প্ৰস্তুতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.