ETV Bharat / state

ৰহস্যজনক অৱস্থাত স্বামীগৃহত উদ্ধাৰ বোৱাৰীৰ মৃতদেহ

author img

By

Published : May 7, 2021, 10:18 PM IST

বিহালীৰ জীয়ৰীৰ ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ গহপুৰ গলচেপাৰ স্বামীগৃহত ৷ পৰিয়ালৰ দাবী অনুসৰি স্বামী গৃহৰ পৰিয়ালে হত্যা কৰি ইয়াক ৰূপ দিছে আত্মহত্যাৰ ৷

bihali mysterious death
ৰহস্যজনক অৱস্থাত স্বামীগৃহত উদ্ধাৰ বোৱাৰীৰ মৃতদে

বিহালী, 7 মে’ : ৰাজ্যত সম্প্ৰতি দিনক দিনে বৃদ্ধি পাইছে নাৰী নিৰ্যাতনৰ ঘটনা । কণমানি, কিশোৰীৰ পৰা গাভৰু, বৃদ্ধা কোনোৱে যেন সুৰক্ষিত নহয় এচাম বিকৃত মানসিকতাৰ লোকৰ পৰা ।
অতি শেহতীয়াকৈ, বিহালীৰ এগৰাকী জীয়ৰীৰ গহপুৰ মহকুমাৰ গলচেপাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই যেন পুনৰ উদঙাই দিলে, বৰ্তমান সমাজত নাৰীৰ সুৰক্ষাৰ স্তৰ। তথ্য অনুসৰি, বিহালী বিধানসভা সমষ্টিৰ অন্তৰ্গত বিহমাৰী বনগাঁৱৰ ৰানুমাই দাস ৬ মাহ পূৰ্বে প্ৰেম বিবাহত আৱদ্ধ হৈছিল গহপুৰ মহকুমাৰ গলচেপাৰ মইনা বৰাৰ পুত্ৰ দিপক বৰাৰ সৈতে ।

স্বামীগৃহত ৰহস্যজনক অৱস্থাত বোৱাৰীৰ মৃতদেহ উদ্ধাৰ

কিন্তু, বৃহস্পতিবাৰে দিনৰ প্ৰায় ১:৩০ বজাত স্বামীগৃহত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হয় ৰানুমাইৰ মৃতদেহ । ৰানুমাই দাসৰ পৰিয়ালে ইতিমধ্যে গহপুৰ আৰক্ষী থানাত বিবাহৰ কিছুদিন পিছৰে পৰা সম্পত্তি বিচাৰি শাৰীৰিক তথা মানসিক অত্যাচাৰ চলোৱাৰ অভিযোগ তুলি এখন এজাহাৰ দাখিল কৰিছে ।

মাতৃগৃহৰ পৰিয়ালৰ লোকৰ অভিযোগ মতে, স্বামীগৃহত পৰিয়ালৰ লোকে বোৱাৰী গৰাকীক নিম্নজাতিৰ বুলি কৈ বিভিন্ন প্ৰকাৰে দীৰ্ঘদিন ধৰি মানসিক অত্যাচাৰ চলাই আহিছিল । ঘটনা সন্দৰ্ভত আৰক্ষীৰ সঠিক তদন্তৰ দাবী কৰিছে ৰানুমাই দাসৰ পৰিয়ালৰ লোকে ।

লগতে পঢ়ক : ক'ভিড জয় কৰি ঘৰলৈ উভতিল হোমেন বৰগোহাঞি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.