ETV Bharat / state

বিহালী স্নাতক মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস পালন

বিশ্বনাথৰ বিহালী স্নাতক মহাবিদ্যালয়ৰ ৩২ তম প্ৰতিষ্ঠা দিৱস পালন ৷ মহাবিদ্য়ালয়খনৰ যাৱতীয় সমস্যা সমাধানৰ আশ্বাস অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তৰ ৷

বিহালী স্নাতক মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস পালন
বিহালী স্নাতক মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস পালন
author img

By

Published : Apr 21, 2021, 7:00 PM IST

বিশ্বনাথ,২১ এপ্ৰিল: ৰাজ্যজুৰি কৰ’ণাতংকৰ মাজতে বিশ্বনাথৰ বিহালীৰ স্নাতক মহাবিদ্যালয়ৰ ৩২ তম প্ৰতিষ্ঠা দিৱস পালন কৰা হয় । সমগ্ৰ বিহালীবাসীৰ দান-বৰঙণিৰে 1989 চনৰ 20 এপ্ৰিলত স্থাপন হোৱা বিহালীৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান বিহালী স্নাতক মহাবিদ্যালয়ে বুধবাৰে ৩২ বছৰ অতিক্ৰম কৰে ।

এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এলানি কাৰ্যসূচী পালন কৰা হয় । সম্পূৰ্ণ কভিড প্ৰ'টকল মানি বুধবাৰে পুৱা ৮.৩০ বজাত সমূহীয়া চাফাইৰ পাছতে পতাকা উত্তোলন কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তই । ইয়াৰ পাছতে শ্বহীদ তৰ্পণ কৰে বৰগাং হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা বিহালী স্নাতক মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ইন্দ্ৰেশ্বৰ কটকীয়ে ।

গছপুলি ৰোপণ কাৰ্যসূচী আৰম্ভ কৰে গুৱাহাটীৰ উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত মহাধিবক্তা তথা বিহালীৰ সন্তান বিশ্বজিৎ গোস্বামীয়ে । অনুষ্ঠানত মন্ত্ৰী ৰঞ্জিত দত্তই ভাষণত কয়, বিহালী মহাবিদ্যালয়ে গৌৰৱোজ্জ্বল ৩২ টা বছৰ গৰকিলে ৷ বিহালীবাসীৰ লগতে চাহ শ্ৰমিকৰ বৰঙণিৰে স্থাপন হোৱা মহাবিদ্যালয়খনত বিজ্ঞান শাখাকে ধৰি সকলো সুবিধা চৰকাৰে প্ৰদান কৰিছে ৷ ভৱিষ্যতে মহাবিদ্যালয়খনৰ অন্যান্য সমস্যাসমূহ সমাধান কৰাৰ আশ্বাস প্ৰদান কৰে মন্ত্ৰী গৰাকীয়ে ৷

লগতে পঢ়ক : মহানগৰীৰ ব্যক্তিগত চিকিৎসালয় আৰু হোটেলসমূহৰ কৰ্তৃপক্ষৰে অনুৰাগ গোৱেলৰ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.