ETV Bharat / state

বিহালীত পথ নিৰ্মাণ নোহোৱাক লৈ ৰাইজৰ ক্ষোভ - ranjit datta

বিহালীত পথ নিৰ্মাণ নোহোৱাত লালপুখুৰী গাৱঁৰ মহিলা সমিতিয়ে ক্ষোভ উজাৰিলে সাংবাদিকৰ আগত ৷ পথটো মেৰামতি কৰি যাতায়তৰ বাবে সুচল কৰি দিবৰ বাবে বিধায়ক গৰাকীক আহ্বান গাওঁবাসীৰ ৷

বিহালীত ৰাস্তা নিৰ্মাণ নোহোৱাত ৰাইজৰ ক্ষোভ

author img

By

Published : May 22, 2021, 10:21 PM IST

বিশ্বনাথ, 22 মে': বিশ্বনাথ জিলাৰ বিহালীৰ বিহমাৰী গাওঁ পঞ্চায়তৰ এটা পথৰ বাবে জ্বলা-কলা খাব লগা হৈছে গাওঁবাসীয়ে । বিগত পাচঁটা বৰ্ষতো এচপৰা মাটি নপৰিল লালপুখুৰী মধুপুৰহৈ বিহমাৰী চেণ্টাৰ সংযোগী পথত ৷ যাৰ বাবে প্ৰতি বছৰে বাৰিষা কালত একাঠু বোকাত বিপদজনক ভাৱে যাতায়ত কৰিব লাগে গাওঁটোৰ ছাত্ৰ-ছাত্ৰী সকলে ।

বিহালীত ৰাস্তা নিৰ্মাণ নোহোৱাত ৰাইজৰ ক্ষোভ

শনিবাৰে গাৱঁৰ একাংশ মহিলাই সাংবাদিকক অৱগত কৰে যে, আমি বিজেপি দলকে ভোট দি আহিছো ৷ বিগত 6 টা বছৰে গাওঁবাসীয়ে বিজেপিকে জয়যুক্ত কৰি আহিছে , কিন্তু লালপুখুৰী মধুপুৰহৈ বিহমাৰী চেণ্টাৰৰ সংযোগী পথটো নিৰ্মাণ কৰিব লাগে বুলি বিহমাৰী পঞ্চায়তত একাধিক বাৰ অৱগত কৰা হৈছে ৷ কিন্তু তেওঁলোকৰ দাবীত কোনো গুৰুত্ব প্ৰদান নকৰিলে পঞ্চায়তৰ প্ৰতিনিধি সকলে ৷

সংবাদ মাধ্যমৰ জৰিয়তে গাঁওবাসীৰ এই সমস্যা বিধায়ক ৰঞ্জিত দত্তৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছে গাওঁবাসীয়ে ৷ অতি সোনকালে পথটো মেৰামতি কৰি যাতায়তৰ বাবে সুচল কৰি দিবৰ বাবে বিধায়ক গৰাকীক আহ্বান জনায় ৷

লগতে পঢ়ক : বাৰিষা যিকোনো সময়তে যোগাযোগ বিচ্ছিন্ন হ’ব পাৰে ভাৰত-ভূটানৰ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.