বিশ্বনাথ, 24 নৱেম্বৰ : বিশ্বনাথ জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগত বৃহস্পতিবাৰে পথ সুৰক্ষাৰ বাবে বিহালীত এখন সজাগতা অনুষ্ঠিত কৰা হয় । জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগত বৰগাংস্থিত বিহালী স্নাতক মহাবিদ্যালয় চৌহদত অনুষ্ঠিত হোৱা এই পথ সুৰক্ষাৰ হেতু সজাগতা সৃষ্টিৰ উদ্দেশ্যে অনুষ্ঠিত হোৱা বিশেষ সভাখনিত জিলা পথ সুৰক্ষা সমিতিৰ অধ্যক্ষ তথা বিশ্বনাথৰ জিলা আয়ুক্ত ডাঃ নেহা যাদৱ, সদস্য সচিব তথা লোকনিৰ্মাণ বিভাগ, বিশ্বনাথ জিলা ক্ষেত্ৰীয় পথ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা যাদৱ চন্দ্ৰ বৰা, সদস্য তথা বিশ্বনাথৰ আৰক্ষী অধীক্ষক শুভাশীষ বৰুৱা, জিলা পৰিবহণ বিষয়া ৰফিকুল ইছলাম, যান-বাহন পৰিদৰ্শক জ্ঞানদীপ দাস, প্ৰৱৰ্তক পৰিদৰ্শক কৃষ্ণকান্ত চেতিয়া আদিৰ লগতে আমন্ত্ৰিত ভালেসংখ্যক গণ্যমান্য ব্যক্তিৰ উপৰিও মহাবিদ্যালয়খনৰ সকলো শিক্ষক, কৰ্মচাৰী তথা কেইবা শতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত আছিল ।
![Awareness meeting for road safety](https://etvbharatimages.akamaized.net/etvbharat/prod-images/24-11-2023/as-biswanath-802-23-nov-biswanathdistrictroadsafetycommitteeawarenessmeeting-photo-scrpt-as10018_23112023230356_2311f_1700760836_1085.jpg)
![Awareness meeting for road safety](https://etvbharatimages.akamaized.net/etvbharat/prod-images/24-11-2023/as-biswanath-802-23-nov-biswanathdistrictroadsafetycommitteeawarenessmeeting-photo-scrpt-as10018_23112023230356_2311f_1700760836_1035.jpg)
বিহালী মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ড৹ ৰমেন বৰাৰ পৌৰহিত্যত অনুষ্ঠিত এই বিশেষ সজাগতা সভাত পথ সুৰক্ষা সমিতিৰ অধ্যক্ষ তথা জিলা আয়ুক্ত ডাঃ নেহা যাদৱ, সদস্য সচিব তথা কাৰ্যবাহী অভিযন্তা যাদৱ চন্দ্ৰ বৰা, আৰক্ষী অধীক্ষক শুভাশীষ বৰুৱা, জিলা পৰিবহণ বিষয়া ৰফিকুল ইছলাম আদিয়ে ভাষণ প্ৰদান কৰি কয় যে ৰাজ্যখনত বৰ্ধিত হাৰত বৃদ্ধি পোৱা পথ দুৰ্ঘটনাসমূহ আৰু নিহতৰ সংখ্যাই ইয়াক এটা অতি গুৰুত্বপূৰ্ণ বিষয় কৰি তুলিছে । সেয়ে এনে দুৰ্ঘটনাসমূহৰ ভয়াৱহতাৰ কথা চিন্তা কৰি এইবোৰৰ সৱিশেষ সমিধান উলিয়াবৰ বাবে পথ সুৰক্ষাৰ বাবে সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে এনে সভাৰ আয়োজন কৰা বুলি মন্তব্য কৰি পথ সুৰক্ষাৰ হেতু নিয়মসমূহ মানি চলিবলৈ সকলোকে আহ্বান জনায় ।
![Awareness meeting for road safety](https://etvbharatimages.akamaized.net/etvbharat/prod-images/24-11-2023/as-biswanath-802-23-nov-biswanathdistrictroadsafetycommitteeawarenessmeeting-photo-scrpt-as10018_23112023230356_2311f_1700760836_368.jpg)
![Awareness meeting for road safety](https://etvbharatimages.akamaized.net/etvbharat/prod-images/24-11-2023/as-biswanath-802-23-nov-biswanathdistrictroadsafetycommitteeawarenessmeeting-photo-scrpt-as10018_23112023230356_2311f_1700760836_612.jpg)
উল্লেখ্য যে, পথ দুৰ্ঘটনাৰ ফলত আমাৰ ৰাজ্যখনত প্ৰতি বছৰে বহুলোকে অকাল মৃত্যুক সাৱটি ল’ব লগা হয় । কেৱল সেয়াই নহয়, পথ দুৰ্ঘটনাত আহত প্ৰতিজনৰ চিকিৎসাৰ ব্যয়ৰ নামত এটা পৰিয়াল আৰ্থিকভাৱে জুৰুলা হোৱাই নহয়, একো একোটা ভুক্তভোগী পৰিয়ালে মানসিকভাৱেও বহু কষ্ট ভূগিবলগীয়া হয় । সেয়ে পথ সুৰক্ষা সুনিশ্চিত কৰিবলৈ যান-বাহন আইন আৰু নিয়ম মানি চলি, সুৰক্ষা সামগ্ৰী পিন্ধি আৰু পথত আনৰ সুৰক্ষাৰ প্ৰতি সচেতন হৈ সকলোৱে পথসমূহ সুৰক্ষিত কৰি তোলাত সহায় কৰিবলৈ পথ সুৰক্ষা সমিতিয়ে আহ্বান জনায় ।
![Awareness meeting for road safety](https://etvbharatimages.akamaized.net/etvbharat/prod-images/24-11-2023/as-biswanath-802-23-nov-biswanathdistrictroadsafetycommitteeawarenessmeeting-photo-scrpt-as10018_23112023230356_2311f_1700760836_279.jpg)
![Awareness meeting for road safety](https://etvbharatimages.akamaized.net/etvbharat/prod-images/24-11-2023/as-biswanath-802-23-nov-biswanathdistrictroadsafetycommitteeawarenessmeeting-photo-scrpt-as10018_23112023230356_2311f_1700760836_945.jpg)
এই সজাগতা অনুষ্ঠানত বিহালী স্নাতক মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি(NSS)ৰ 1 আৰু 2 নম্বৰ গোটেও সকলো দিশত সহযোগিতা আগবঢ়াই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলাত সহায় কৰে । উল্লেখ্য যে, পথ সুৰক্ষা সজাগতা সৃষ্টিৰ বাবে জিলা সমিতিৰ তৰফৰ পৰা বিয়লি এখন বাটৰ নাটো প্ৰদৰ্শন কৰা হয় ।
![Awareness meeting for road safety](https://etvbharatimages.akamaized.net/etvbharat/prod-images/24-11-2023/as-biswanath-802-23-nov-biswanathdistrictroadsafetycommitteeawarenessmeeting-photo-scrpt-as10018_23112023230356_2311f_1700760836_754.jpg)
লগতে পঢ়ক : দুই যুৱকৰ লক্ষ্য ১৫০০ কিলোমিটাৰ খোজকাঢ়ি অযোধ্যাৰ ৰাম মন্দিৰ দৰ্শন কৰা