বিশ্বনাথ,3 মে’ঃ লক্ ডাউনৰ ফলত দেশত পূৰ্বে সংঘটিত বিভিন্ন অপৰাধমূলক কাৰ্যৰ হাৰ তুলনামূলকভাৱে হ্ৰাস পাইছে ৷ অন্যান্য সেৱা সমূহ বন্ধ থাকিলেও অব্যাহত আছে জৰুৰীকালীন সেৱা ৷ কিন্তু এচাম অসাধু ব্যক্তিয়ে লক্ ডাউনৰ সুযোগ গ্ৰহণ কৰি বিভিন্ন অসৎ কাৰ্য চৰিতাৰ্থ কৰাৰ চেষ্টা চলাই আহিছে ৷ তেনে এক ঘটনা শনিবাৰে নিশা সংঘটিত হৈছে বিশ্বনাথ চাৰিআলিৰ দ’গাঁৱত ৷ কৰ্তব্যৰ খাতিৰত খোজকাঢ়ি চিকিৎসালয়লৈ গৈ থকা দুগৰাকী যুৱতীক ধৰ্ষণৰ চেষ্টা চলায় তিনি অসাধু লোকে ৷ জিলাখনৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ এটা পেট্ৰ’ল পাম্পৰ সন্মুখত সংঘটিত হয় এই ঘটনা ৷
ঘটনাৰ বিৱৰণী অনুসৰি, নিশা যুৱতী দুগৰাকীক পথত কোনো নথকাৰ সুযোগতে অনুসৰণ কৰি হাতত ধৰি টনা-আজোৰা চলায় পেট্ৰ’ল পাম্পটোত কৰ্মৰত কেইজনমান কৰ্মচাৰীয়ে ৷ যুৱতী দুগৰাকীয়ে আত্মৰক্ষাৰ বাবে চিঞৰ-বাখৰ কৰাত স্থানীয় ৰাইজে আহি দলটোৰ এজনক কৰায়ক্ত কৰি গণ প্ৰহাৰ কৰে ৷ উল্লেখ্য যে, বিহাৰৰ পৰা অহা লোক কেইজনে কিছুদিন পূৰ্বে কাম কৰিবলৈ পেট্ৰ’ল পাম্পলৈ আহিছিল ৷ যুৱতী দুগৰাকী পাম্পৰ সন্মুখ পাওঁতে লোককেইজনে বন্ধ কৰি দিছিল পাম্পটোৰ লাইট ৷ বিশ্বনাথৰ জে কে চিকিৎসালয়ত কৰ্মৰত যুৱতী দুগৰাকীৰ ঘৰ লক্ষীমপুৰত ৷
লগতে চাওকঃ চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা নলবাৰীৰ এটা অসহায় পৰিয়াল