বিহালী, 28 আগষ্ট : অসম চাহ জনজাতি ছাত্ৰ সন্থা (আট্ছা)ই ৰাজ্য চাহ বাগিছাই-বাগিছাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । সেই প্ৰতিবাদৰ অংশ হিচাপে বিহালী সমষ্টিৰ বিহালী শাখা সমিতিৰ অন্তৰ্গত প্ৰাথমিক গোটৰ সমূহৰ উদ্যোগতো চাহ শ্ৰমিকসকলৰ বিভিন্ন সমস্যাক লৈ প্ৰতিবাদ সাব্যস্ত কৰে । বৃহস্পতিবাৰে পূৱা 11বজাৰ পৰা ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচী বিহালী মিজিকাজান চাহ বাগিচা,মোনাবাৰি চাহ বাগিছা,বাঘমাৰি,বৰগাং ৰঙাগৰ,জিনজিয়া আৰু কলাপানি চাহ বাগিচাত আটছা সদস্যই 2 ঘন্টীয়া ধৰ্না কাৰ্যসূচী ৰূপায়ণ কৰে ।
সংগঠনটো দাবী চাহ শ্ৰমিকৰ দেওবাৰৰ ছুটি,দৈনিক মজুৰি 351 টকালৈ বৃদ্ধি কৰা,বাগিচাৰ চিকিৎসালয়ত উন্নত মানদণ্ডৰ ঔষধ যোগান ধৰা,বিহালী সমষ্টিৰ প্ৰতিখন চাহ বাগিচাত এটিএমৰ ব্যৱস্থা কৰা,আৰু স্থানীয় শিক্ষিত যুৱক-যুৱতী সকলক কৰ্ম সংস্থাপন দিয়া আৰু কেইবাটাও সমস্যা সমাধানৰ দাবীত বাগিচাৰ কৰ্তৃপক্ষৰ জৰিয়তে চৰকাৰলৈ একোখন স্মাৰক পত্ৰ প্ৰদান কৰে সংগঠনটোৱে ।
ইফালে এই ধৰ্না কাৰ্যসূচীত উপস্থিত থাকে কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ অনন্ত চোনা,কাৰ্যকৰী সদস্য লব ভূঞা,বিশ্বনাথ জিলাৰ সম্পাদক ধীৰাজ তাঁতী,সহকাৰী সম্পাদক বিমল দ্বীপ,বিহালী শাখা সমিতিৰ সভাপতি আকাশ কিষান,সম্পাদক ভাস্কৰ লোহা আৰু বিহালী শাখা সমিতি,বিশ্বনাথ জিলা,উপ শাখা আৰু প্ৰাথমিক গোটৰ বিষয়ববীয়াসকল উপস্থিত থাকে ।
লগতে পঢ়ক : থলুৱা ফলমূলৰ চৰ্বত প্ৰস্তুত কৰি স্বাৱলম্বী হাঁহচৰাৰ মহিলা