বিশ্বনাথ, 12 জুনঃ "শিশু দেশৰ ভৱিষ্যত, শিক্ষাই দিয়ে শক্তি, সুনিশ্চিত কৰিব দেশৰ প্ৰগতি", "শিশুক কামত নিয়োগ নকৰিব, শিশুৰ সোণালী শৈশৱ কাঢ়ি নিনিব" - এই শ্লোগানেৰে সমগ্ৰ বিশ্বৰ লগতে বিশ্বনাথ জিলাতো আজি বিশ্ব শিশু শ্ৰম বিৰোধী দিৱস উদযাপন কৰা হয়। অসম চৰকাৰৰ শ্ৰমিক কল্যাণ বিভাগৰ উদ্যোগত আৰু জিলা আইনী সেৱা প্ৰাধিকৰণৰ সহযোগত বিশ্বনাথ জিলাৰ চাৰিটা সুকীয়া সুকীয়া স্থানত এই দিৱস উপলক্ষে আজি ৰাজহুৱা সভা আৰু সজাগতা শিবিৰৰ আয়োজন কৰা হয়।
সাকোমঠা, বাঘমৰা আৰু বিহালী উন্নয়ন খণ্ডৰ লগতে বিশ্বনাথ পৌৰসভাৰ কাৰ্যালয়ৰ সভাকক্ষতো এই উপলক্ষে এক সজাগতা সভাৰ আয়োজন কৰা হয়। তেজপুৰৰ সহকাৰী শ্ৰম আয়ুক্ত এছ ভট্টাচাৰ্যই আঁত ধৰা এই সভাত অংশগ্ৰহণ কৰি বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, উপায়ুক্ত পৱিত্ৰ ৰাম খাউণ্ড, বিশ্বনাথ পৌৰসভাৰ সভানেত্ৰী ৰুলি শৰ্মা, জিলা আইনী সেৱা প্ৰাধিকৰণৰ হৈ অধিবক্তা বিনীতা উপাধ্যায় আদিয়ে বিশ্ব শিশু শ্ৰম বিৰোধী দিৱসৰ তাৎপৰ্য আৰু শিশু শ্ৰমিক নিয়োগৰ ভয়াবহতা সন্দৰ্ভত বক্তব্য আগবঢ়ায়। শিশু শ্ৰমিক সম্বন্ধীয় যিকোনো তথ্য অৱগতকৰণৰ বাবে বিনামূলীয়া হেল্পলাইন নং ১০৯৮ ত ফোন কৰিবলৈ বক্তাসকলে ৰাইজক আহ্বান জনায়। অনুষ্ঠানত শিশু শ্ৰমিক নিয়োগ নকৰা আৰু শিশু শ্ৰম নিৰ্মূলৰ লক্ষ্যৰে উপস্থিত সকলোৱে সমূহীয়াকৈ এক শপত বাক্যও পাঠ কৰে। আজিৰ সভাত শ্ৰম আইনৰ বিষয়ে সজাগতা সৃষ্টিৰ লগতে গৃহ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিকসকলৰ এক পঞ্জীয়নৰো ব্যৱস্থা কৰা হয়। আজিৰ অনুষ্ঠানত জিলাৰ অতিৰিক্ত উপায়ুক্ত প্ৰদীপ সূত্ৰধৰ, জনসংযোগ বিষয়া প্ৰশান্ত কুমাৰ বৰা, সহকাৰী শ্ৰম পৰিদৰ্শক অমূল্য তালুকদাৰৰ লগতে স্থানীয় সাংবাদিকসকলকে ধৰি বহুসংখ্যক লোক উপস্থিত থাকে। উল্লেখযোগ্য যে বিশ্বৰ পৰা শিশু শ্ৰম নিৰ্মূল কৰা আৰু এই দিশত সজাগতা সৃষ্টিৰ লগতে কাম-কাজৰ সক্ৰিয়তা বৃদ্ধিৰ লক্ষ্যৰে ৰাষ্ট্ৰসংঘৰ অধীনস্থ আন্তৰ্জাতিক শ্ৰম সংস্থাৰ উদ্যোগত ২০০২ চনৰে পৰা প্ৰতিবছৰৰ ১২ জুন তাৰিখে বিশ্বজুৰি এই দিৱস উদযাপিত হৈ আহিছে।