বৰপেটা,১৬ ফেব্ৰুৱাৰীঃ বৰপেটাৰ পাটবাউসীত দেওবাৰে এগৰাকী মহিলাই দলঙৰ পৰা জপিয়াই আত্মহত্যাৰ চেষ্টা চলায় ৷ নখান্দা নৈৰ দলঙৰ পৰা জপিওৱা মহিলাগৰাকী পানীৰ পৰা উদ্ধাৰ কৰে সমীপৱৰ্তী গণককুছিৰ সেনা ছাউনীৰ দুগৰাকী সেনা জোৱানে । স্থানীয় ৰাইজে সমগ্ৰ কাণ্ডটোত নীৰৱ দৰ্শকৰ ভূমিকা গ্ৰহণ কৰাৰ বিপৰীতে অশোক নামৰ সেনাৰ হাবিলদাৰগৰাকীয়ে জীৱনক তুচ্ছ কৰি পানীৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় মহিলাগৰাকীক ৷ সেনাগৰাকীৰ এই কাৰ্যত সহায় আগবঢ়ায় নৱম জাট ৰেজিমেণ্টৰ অন্যতম জোৱান চুবেদাৰ লায়ক ৰামওহে ৷
সেনা জোৱানদ্বয়ৰ এই কাৰ্যত স্থানীয় লোকসকলে ভূয়সী প্ৰশংসা কৰে । আত্মহত্যাৰ চেষ্টা চলোৱা মহিলা গৰাকীৰ পৰিচয় জানিব পৰা হোৱা নাই যদিও মহিলাগৰাকী মানসিক ৰোগী বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ।
লগতে চাওকঃসাৱধান !! বজাৰত ঘূৰি আছে খমখমীয়া নকল নোট