ETV Bharat / state

দালালৰাজ! ধান ক্ৰয়ৰ নামত দ্ৰৰিদ্ৰ কৃষকক প্ৰবঞ্চনা অসাধু ব্যৱসায়ীৰ - কম মূল্যতে ধান ক্ৰয় মধ্যভোগীৰ

বিশ্বনাথত কৃষকৰ ধান ক্ৰয়ত দালালৰাজ। চৰকাৰী ধান কেন্দ্ৰৰ পৰিৱৰ্তে কম মূল্যতে ধান ক্ৰয় মধ্যভোগীৰ ৷ পশ্চিম বংগলৈ ট্ৰাকে ট্ৰাকে ধান প্ৰেৰণ কৰাৰ অভিযোগ কৃষকৰ (Paddy procurement centers) ৷

Paddy procurement centers in biswanath
চৰকাৰী ধান কেন্দ্ৰৰ পৰিৱৰ্তে কম মূল্যতে ধান ক্ৰয় মধ্যভোগীৰ
author img

By ETV Bharat Assamese Team

Published : Dec 8, 2023, 1:18 PM IST

চৰকাৰী ধান কেন্দ্ৰৰ পৰিৱৰ্তে কম মূল্যতে ধান ক্ৰয় মধ্যভোগীৰ

বিশ্বনাথ, ৮ ডিচেম্বৰ : বিশ্বনাথ জিলাৰ বিভিন্ন স্থানৰ লগতে বিশেষকৈ জিনজিয়া এলেকাত একাংশ অসাধু ব্যৱসায়ীয়ে ভাৰতীয় খাদ্য নিগম তথা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ অভিলাসী আঁ‌চনিক বিফল কৰিবলৈ উঠি পৰি লাগিছে । এই সন্দৰ্ভত বিশ্বনাথ জিলাত দৰিদ্ৰ কৃষকৰ ধানৰ ক্ৰয়ৰ এক কলা ব্যৱসায় আৰম্ভ কৰাৰ অভিযোগ উত্থাপন হৈছে ।

দৰাচলতে কৃষক ৰাইজে চৰকাৰে মুকলি কৰা ধান কেন্দ্ৰত ধান বিক্ৰী কৰিলে সঠিক মূল্য লাভ কৰে ৷ কিন্তু কৃষকে নিজৰ ধানসমূহ এই কেন্দ্ৰলৈ নিজে লৈ অহাৰ লগতে এই ধানৰ মূল্য লাভ কৰিবলৈ দুই তিনিদিন সময়ৰ প্ৰয়োজন হয় । এই সুবিধাকে গ্ৰহণ কৰিছে একাংশ অসাধু বনিয়াই ৷

একাংশ অসাধু লোকে এতিয়া কৃষক ৰাইজৰ ঘৰে ঘৰে গৈ নগদ ধন দিয়াৰ প্ৰলোভনেৰে অতি কম মূল্যৰ বিনিময়ত ধান সংগ্ৰহ কৰিছে ৷ লগতে এই ধান বৃহৎ ট্ৰাকত পশ্চিম বংগলৈ প্ৰেৰণ কৰি আহিছে । ফলত কৃষক ৰাইজ উচিত মূল্য লাভৰ পৰা বঞ্চিত হৈ আহিছে ।

কম মূল্যত কৃষকৰ ধান ক্ৰয় কৰি অধিক মুনাফা লাভৰ লক্ষ্যৰে এই দালাল সকলে ইতিমধ্যে গাঁৱে গাঁৱে ধান সংগ্ৰহত নামি পৰিছে । উল্লেখ্য যে, ভাৰতীয় খাদ্য নিগমৰ অধীনত বিগত কিছু দিনৰ পৰা বিশ্বনাথ জিলাৰ অন্তৰ্গত বিভিন্ন অঞ্চলত ধান ক্ৰয় কেন্দ্ৰ মুকলি কৰিছে ।

কৃষক ৰাইজক চৰকাৰে নিৰ্ধাৰণ কৰা নূন্যতম সমৰ্থিত মূল্য প্ৰতি কুইণ্টল ধানত ২১৮৩ টকা । এই দৰত ধান বিক্ৰি কৰি লাভান্বিত হ'বলৈ ধান ক্ৰয় কেন্দ্ৰসমূহ মুকলি কৰিছে । কৃষক ৰাইজে যাতে এই ধান বিক্ৰী কৰিবলৈ কোনো মধ্যভোগীৰ শৰণাপন্ন হ'ব নালাগে তাৰ বাবেই ভাৰতীয় খাদ্য নিগমৰ অধীনত চৰকাৰে মুকলি কৰা এই ধান ক্ৰয় কেন্দ্ৰত নিদিষ্ট দৰ স্থিৰ কৰি দিছে ।

চৰকাৰৰ এনে ব্যৱস্থাৰ মাজতে দালাল চক্ৰৰ আবিৰ্ভাৱে চৰকাৰৰ এইবিশেষ পদক্ষেপক গুৰুত্বহীন কৰি তুলিছে । জিলাৰ কৃষি বিভাগে এই ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণৰো দাবী তুলিছে ।

লগতে পঢ়ক : কৰৰ বোজাত ভাৰাক্ৰান্ত; ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভত জ্বলিছে জনগণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.