ETV Bharat / state

হেলেমৰ বুৰৈ নৈত মথাউৰি নিৰ্মাণ নোহোৱাৰ অভিযোগ

author img

By

Published : May 8, 2021, 11:39 AM IST

হেলেমৰ বুৰৈ নৈত মথাউৰি নিৰ্মাণ নোহোৱাৰ অভিযোগ ৷ গহপুৰ সমষ্টি আৰু বিহালী সমষ্টিৰ সীমামূৰীয়া বুৰৈ নৈৰ খহনীয়া এক দীৰ্ঘদিনীয়া সমস্যা । তথাপিও নৈৰ পাৰত কোনো ধৰণৰ প্ৰতিৰোধ ব্যৱস্থা নকৰাৰ অভিযোগ কৰিছে বুৰৈঘাট বাসীয়ে ৷

হেলেমৰ বুৰৈ নৈত মথাউৰি নিৰ্মাণ নোহোৱাৰ অভিযোগ
হেলেমৰ বুৰৈ নৈত মথাউৰি নিৰ্মাণ নোহোৱাৰ অভিযোগ

বিহালী,8 মে’: হেলেমৰ বুৰৈ নৈত মথাউৰি নিৰ্মাণ নোহোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ । সমাগত বাৰিষা, মাজত মাথো কেইটামান দিন বাকী । বিগত বৰ্ষত প্ৰলয়ংকৰী বানত ঘৰ-মাটি হেৰুৱাইছে বহু বন্যাৰ্তই ৷ আনকি বানত বহু মথাউৰি, ৰাস্তা-ঘাট বিচ্ছিন্ন হৈ যাতায়ত ব্যাহত হোৱা পৰিলক্ষিত হৈছিল ৷ বাৰিষাৰ আগমনৰ পূৰ্বে হেলেমৰ বুৰৈ ঘাটবাসীয়ে পুনৰ ঘৰ-বাৰী হেৰুওৱাৰ আশংকাত পাৰ কৰিছে দিন ৷

গহপুৰ আৰু বিহালী সমষ্টিৰ সীমামূৰীয়া বুৰৈ নৈৰ খহনীয়া এক দীৰ্ঘদিনীয়া সমস্যা । তথ্য অনুসৰি, বিগত তিনিটা বাৰিষাত বুৰৈ নৈৰ বুকুত ১৫ টাকৈ পৰিয়ালৰ বাসগৃহ জাহ যায় । এই খবৰ ল’বলৈ সৰ্বানন্দ সোণোৱাল, ৰঞ্জিত দত্ত, গহপুৰৰ বিধায়ক উৎপল বৰা উপস্থিত হৈছিল দুৰ্ভগীয়া পৰিয়াল কেইটাৰ কাষত ৷ পৰৱৰ্তী সময়ত বাঁহৰ পাৰ্কুপাইন দিয়েই জন প্ৰতিনিধি কেইগৰাকীয়ে দায়িত্ব সামৰাৰ অভিযোগ উত্থাপন কৰিছে বুৰৈঘাট বাসীয়ে ।

এতিয়াও নৈৰ পাৰত কোনো ধৰণৰ খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা নকৰাত সমাগত বাৰিষাক কেন্দ্ৰ কৰি আশংকাত দিন পাৰ কৰিছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক : বিহালীত আটক দুটাকৈ শিশু অপহৰণকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.