ETV Bharat / state

Scam in market tender:বিশ্বনাথ জিলা পৰিষদৰ বজাৰ নিবিদাৰ নামত অনিয়ম - বিশ্বনাথ জিলা পৰিষদৰ বজাৰ নিবিদাৰ নামত অনিয়ম

বিশ্বনাথ জিলা পৰিষদৰ বিৰুদ্ধে বজাৰ নিবিদাৰ নামত অনিয়মৰ অভিযোগ । বিশ্বনাথ জিলাপৰিষদৰ অন্তৰ্গত বিহালী আঞ্চলিক পঞ্চায়ত, বাঘমাৰী আঞ্চলিক পঞ্চায়তে কেইবাখনো বজাৰ নিবিদা বিচাৰি আবেদন জনাইছিল যদিও নিবিদাত দুৰ্নীতিৰ আশ্ৰয় লোৱাৰ অভিযোগ উঠিছে ।

Biswanath Zilla Parishad Market Bid
বিশ্বনাথ জিলা পৰিষদ
author img

By

Published : Jul 11, 2023, 5:42 PM IST

বিশ্বনাথ জিলা পৰিষদ

বিশ্বনাথ, ১১ জুলাই : বিশ্বনাথত দুৰ্নীতিৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ শূন্য সহনশীলতা নীতি ফুটুকাৰ ফেনত পৰিণত হৈছে । কাৰণ নিৰ্বাচনৰ পূৰ্বে ৰাইজক দিয়া প্ৰতিশ্ৰুতি পালনত চৰকাৰখন সম্পূৰ্ণ ব্যৰ্থ হোৱাৰ অভিযোগ উঠিছে । চৰকাৰে দুৰ্নীতি নিৰ্মূল কৰাৰ বাবে শূন্য সহনশীলতা নীতি অৱলম্বন কৰিলেও চৰকাৰক প্ৰত্যাহ্বান জনাই ৰাজ্যৰ বিভিন্ন বিভাগত এতিয়াও দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰী, ঠিকাদাৰে নিতৌ সংঘটিত কৰি আছে দুৰ্নীতি ৷ চৰকাৰে দুৰ্নীতিমুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰুতি দিলেও ৰাজ্যৰ একাংশ দুৰ্নীতিপৰায়ণ বিষয়া-কৰ্মচাৰী, অভিযন্তা, ঠিকাদাৰে বিভিন্ন চৰকাৰী কাৰ্যালয়ত অব্যাহত ৰাখিছে ব্যাপক দুৰ্নীতি ।

আনহাতে, এনে দুৰ্নীতিত লিপ্ত থকা বহু চৰকাৰী বিষয়া ঠিকাদাৰ আদিক চৰকাৰে জে'ললৈ প্ৰেৰণ কৰাৰ সময়তো একাংশ বিষয়া কৰ্মচাৰী পঞ্চায়ত প্ৰতিনিধিয়ে দুৰ্নীতি অনিয়ম কৰিবলৈ পাহৰি যোৱা নাই। সৰ্বসাধাৰণ জনতাৰ নামত অহা অৰুণোদয় আচঁনিৰ লগতে পথ নিৰ্মাণকে ধৰি বিভিন্ন চৰকাৰী আচঁনিৰ ধনৰ অংশ নাপালে যেন এতিয়া পেটলৈ ভাত নোযোৱা হৈছে একাংশ পঞ্চায়ত প্ৰতিনিধি, চৰকাৰী বিষয়া কৰ্মচাৰীৰ । এইবাৰ দুৰ্নীতি অনিয়মৰ অভিযোগ উত্থাপিত হৈছে বিশ্বনাথ জিলা পৰিষদৰ কাৰ্যালয়ৰ বিৰুদ্ধে।

উত্থাপিত অভিযোগ অনুসৰি পঞ্চায়ত আইন ১৯৯৪ অধীনত বজাৰ ,ঘাট,মহলসমূহ অহা ২০২৩ / ২০২৪ বৰ্ষৰ বাবে বিশ্বনাথ জিলা পৰিষদৰ অন্তৰ্গত বিহালী আঞ্চলিক পঞ্চায়ত, বাঘমাৰী আঞ্চলিক পঞ্চায়তে কেইবাখনো বজাৰ নিবিদা বিচাৰি আবেদন জনাইছিল । কিন্তু সেই নিবিদাত দুৰ্নীতিৰ আশ্ৰয় লোৱাৰ অভিযোগ উঠিছে । বিশেষকৈ বিহালী আঞ্চলিক পঞ্চায়তৰ বৰগাং সাপ্তাহিক বজাৰ,আৰু বাঘমাৰী দৈনিক বজাৰ দুখনৰ নিবিদা নিয়ম অনুসৰি যোৱা ১৭ জুনত বৰগাং সাপ্তাহিক বজাৰ নিবিদা কাম কাজ সম্পূৰ্ণ হয় । আনখন ২২ জুনত বাঘমাৰী দৈনিক বজাৰ নিবিদা কাম কাজ সম্পূৰ্ণ হয় যদিও নথি পত্ৰ পৰীক্ষা নামত এতিয়াও যেন বজাৰকেইখনৰ আবন্টিন তথ্য দিব পৰা নাই একাংশ নিবিদাকাৰীক ।

ইফালে, বিহালী আঞ্চলিক পঞ্চায়তৰ অন্তৰ্গত বৰগাং সাপ্তাহিক বজাৰখন উজ্জ্বল দাস নামৰ ব্যক্তি জনক এককালীন ভাৱে দিয়া হৈছে বুলি যোৱা ৫ জুলাইত জিলা পৰিষদৰ কাৰ্যালয় মূখ্য কাৰ্য্যবাহী বিষয়াই এখন জাননী প্ৰকাশ কৰি তিনি দিন সময় দিয়ে উক্ত ধন কাৰ্যালয়ত জমা কৰিবলৈ উজ্জ্বল দাস নামৰ মহলদাৰ গৰাকীয়ে এককালীন ৪৩,১৫৩.৩৮৫ লাখ টকা তিনি দিনৰ ভিতৰত জিলা পৰিষদৰ কাৰ্যালয়ত জমা দিবলৈ নিৰ্দেশ দিয়া হৈছিল যদিও সেই ধন জমা কৰাত বিফল হোৱাৰ তথ্য পোহৰলৈ আহিছে । আনহাতে, সেই তিনি দিনৰ ভিতৰত সম্পূৰ্ণ ধন জমা কৰাৰ পৰিৱৰ্তে ১০ জুলাইত উক্ত ধন জমা কৰিবলৈ যোৱা বুলি অভিযোগ উঠিছে ।

আনহাতে, সম্পূৰ্ণ টকা জমাৰ পৰিবৰ্তে কিছু অংশহে তিনি দিনৰ ভিতৰত জমা দিবলৈ সক্ষম হোৱা নিবিদাকাৰী জিলা পৰিষদৰ একাংশ বিষয়া কৰ্মচাৰীৰ লগতে জিলা পৰিষদৰ সদস্যই দুৰ্নীতি আশ্ৰয় লোৱা সন্দেহ প্ৰকাশ কৰিছে একাংশ নিবিদাকাৰীয়ে । তদুপৰি জিলা পৰিষদৰ দ্বাৰা ৫ জুলাইত প্ৰকাশিত এককালীন ধন জমা দিয়া জাননীত স্পষ্টভাৱে উল্লেখ আছে যদি উক্ত ধন তিনি দিনত নিবিদাকাৰী গৰাকীয়ে নিদিষ্ট সময়ত ধন জমা দিব নোৱাৰে তেন্তে উক্ত বজাৰ খনৰ নিবিদাকাৰীৰ পৰা বাতিল হ'ব যাৰ ফলত বিপৰীত নিবিদাকাৰীয়ে বজাৰ খন লাভ কৰে । কিন্তু তেনে সময়ত কি কাৰণত জিলা পৰিষদে বিষয়টো গোপনে ৰাখি কাৰ্যালয়ৰ পৰা আঁতৰি আছে সেইটো এক ৰহস্য সৃষ্টি কৰিছে। এই বিষয়টোত একাংশ নিবিদাকাৰীয়ে মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ দাবী জনাইছে ।

লগতে পঢ়ক:Constituency delimitation: বৰাক বন্ধত সকলোকে যোগদানৰ আহ্বান বিধায়ক কৰিমউদ্দিন বৰভূঞাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.