নিউজ ডেস্ক,11মাৰ্চ: বুধবাৰে উত্তাল হৈ পৰে ৰাজ্যৰ ভিন্ন প্ৰান্ত ৷ কাৰাবন্দী সকলো নেতাৰ লগতে অখিল গগৈক বিনাচৰ্তে মুক্তি দিয়াৰ লগতে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে বহু কেইটা সংগঠনে ৷
ধেমাজি জিলাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ধেমাজি জিলা সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ জিলা সমিতিয়ে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ৷ প্ৰতিবাদকাৰীসকলে বিজেপি গ'বেক, অখিল গগৈক বিনা চৰ্তে মুক্তি দিয়ক ইত্যাদি শ্লগানেৰে উত্তাল কৰি তোলে ধেমাজিৰ ৰাজপথ ৷ ইপিনে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জিলা সমিতিৰ উপদেষ্টা প্ৰসন্ন বৰাই কয় যে, কাৰাবন্দীসকলক গৰু-গাহৰিৰ দৰে পাশৱিক অত্যাচাৰ কৰিছে, এই কাৰ্য কেতিয়াও সহ্য নকৰো । অসম চৰকাৰ, ভাৰত চৰকাৰে মানৱ অধিকাৰ আইন উলংঘা কৰিছে । বিশেষকৈ হিমন্ত বিশ্ব শৰ্মাৰ দাদাগিৰি সহ্য কৰা নহ'ব বুলিও মন্তব্য কৰে উপদেষ্টাগৰাকীয়ে ৷
অন্য এক খবৰৰ বাবে: গুৱাহাটীত অখিলৰ মুক্তিৰ দাবীত কেবাটাও সংগঠনৰ প্ৰতিবাদ
ইফালে,ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ বিশ্বনাথৰ বিহালীতো সাব্যস্ত কৰা হয় প্ৰতিবাদ ৷ 'কা' বাতিল কৰাৰ দাবীত আৰু কৃষক নেতা অখিল গগৈক বিনাচৰ্তে মুক্তিৰ দাবীত বিশ্বনাথৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বৰগাং চেন্টাত এক অনশন ধৰ্মঘটৰ কাৰ্যসুচী ৰূপায়ণ কৰে কা বিৰোধী নাগৰিক মঞ্চই ৷ অনশনত চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গানেৰে বৰগাঙৰ ৰাজপথ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে ৷ প্ৰতিবাদকাৰীসকলে ৮৫৫ জন শ্বহীদৰ তেজৰ বিনিময়ত স্বাক্ষৰিত হোৱা অসম চুক্তিক নস্যাৎ কৰি সম্পূৰ্ণ অগণতান্ত্ৰিক ভাবে "কা" দেশৰ জনতাৰ ওপৰত জাপি দিয়া হৈছে বুলি প্ৰকাশ কৰে প্ৰতিবাদকাৰীসকলে৷ বিজেপি চৰকাৰৰ সাম্প্ৰদায়িক দমনমুলক নীতি বন্ধ কৰিবলৈ দাবী জনাই অসমত অশান্তি সৃষ্টি কৰি পাঁচজনকৈ নিৰীহ ডেকাক বিজেপিয়ে হত্যা কৰিছে বুলি মন্তব্য কৰে প্ৰতিবাদকাৰীয়ে৷ ইয়াৰ লগতে, অখিল গগৈকে ধৰি 'কা' বিৰোধী নেতাসকলক কাৰাবন্দী কৰি বিজেপি চৰকাৰে এয়া এক দমনমুলক ব্যৱস্থা গঢ়ি তুলিছে বুলি মন্তব্য কৰে সংগ্ৰামী নেতা বিবেক দাসে ৷ এই প্ৰতিবাদী কাৰ্যসুচীত বিহালীৰ চাৰিটাকৈ সংগঠনৰ লগতে বৰগাং জ্যেষ্ঠ কংগ্ৰেছ নেতা প্ৰেম লাল গঞ্জুকে ধৰি বহু কেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ।
অন্য এক খবৰৰ বাবে: অখিল গগৈৰ মুক্তিৰ দাবীত লখিমপুৰত প্ৰতিবাদ
বুধবাৰে গোলাঘাট জিলাতো সাব্যস্ত হয় উত্তাল প্ৰতিবাদ ৷ সদৌ টাই আহোম ছাত্ৰ সন্থাই গোলাঘাট জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত বিভিন্ন দাবী উত্থাপন কৰি ৰূপায়ণ কৰ এই প্ৰতিবাদ ৷ অখিল গগৈক বিনাচৰ্তে মুক্তি দিয়ক, নাগৰিকত্ব সংশোধনী আইন বাতিল কৰক, সদৌ টাই আহোম ছাত্ৰ সন্থাক জনজাতি স্বীকৃতি প্ৰদান কৰক আদি বিভিন্ন শ্ল'গানেৰে উত্তাল কৰি তোলে জিলাখনৰ ৰাজপথ। অতি শীঘ্ৰে এই দাবীসমূহ মানি নললে ভবিষ্যতে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে ৷ ইয়াৰ লগতে, অখিল গগৈৰ মুক্তিৰ দাবীত প্ৰতিবাদকাৰীসকলে ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰে এখন স্মাৰকপত্ৰ ৷